உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • থানাৰ এজাহাৰ লিখা দালাল চক্ৰৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী, একেৰাতিতে ২৪২ জনক আটক

    থানাৰ এজাহাৰ লিখা দালাল চক্ৰৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী, একেৰাতিতে ২৪২ জনক আটক

    ৰাজ্যৰ ২৬ খন জিলাৰ পৰা আটক কৰা হৈছে এই দালাল সকলক।

    ৰাজ্যৰ ২৬ খন জিলাৰ পৰা আটক কৰা হৈছে এই দালাল সকলক।

    ৰাজ্যৰ ২৬ খন জিলাৰ পৰা আটক কৰা হৈছে এই দালাল সকলক।

    • Share this:
    এইবাৰ ৰাজ্যৰ বিভিন্ন থানাত থকা দালাল চক্ৰৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। একেৰাতিতে আটক থানাৰ ২৪২ জন দালালক। ৰাজ্যৰ ২৬ খন জিলাৰ পৰা আটক কৰা হৈছে এই দালাল সকলক। এই দালালসকলৰ বিৰুদ্ধে অভিযোগ, এজাহাৰ লিখাৰ নামত দুখীয়া লোকৰ পৰা টকা সংগ্ৰহ কৰে। ফলত সমস্যাত পৰে দুখীয়ালোকসকলক। লগতে বিভিন্ন ধাৰা আদি জাপি দিয়ে।

    কামৰূপ আৰক্ষীৰ অভিযানত আটক কৰা হৈছে ৮ জনকৈ থানাৰ দালাল।মাজনিশা ছয়গাঁৱৰ বিভিন্ন এলেকাত কামৰূপ আৰক্ষীৰ বৃহৎ সাফল্য।এই অভিযানত আটক হৈছে ৮ জনকৈ থানাৰ বিভিন্ন কাম কাজত জড়িত দালাল।

    মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ পিছতে থানাত দালালী কৰা লোকসকলৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছিল।মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে যোৱা নিশা কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় আৰু উপ আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক সহ ছয়গাঁও আৰক্ষীৰ যৌথ অভিযানত ছয়গাঁওৰ গৰৈমাৰী, জোৰশিমলু আদি কেইবাটাও অঞ্চলৰ পৰা ৮ জনকৈ দালালক আটক কৰে।

    আটকাধীন দালাল কেইজন ক্ৰমে-ছয়গাঁওৰ মাজগুমীৰ মহিৰুদ্দিন আহমেদ, গৰৈমাৰীৰ টুক্ৰাপাৰা গাঁৱৰ আব্দুল কালাম আজাদ, গৰৈমাৰী সত্ৰৰ ৱাজেদ আলী,ইউচুফ আলী, হাতীপাৰাৰ আইনাল হ'ক, কানহাড়াৰ আইনুল আলী, জোৰশিমলুৰ টপাপথাৰ গাঁৱৰ নজৰুল ইছলাম আৰু বাহাৰুল আলী।জানিব পৰা মতে ছয়গাঁও আৰক্ষীয়ে ধৃত দালাল কেইজনক ইতিমধ্যে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ জেৰাৰ বাবে প্ৰেৰণ কৰিছে।
    Published by:Himangshu Bhuyan
    First published: