মুখ্যপৃষ্ঠা »খবৰ »অসম »CM Himanta Biswa Sarma : কংগ্ৰেছ-AIUDFৰ সংখ্যালঘু বিধায়কৰ গোপন বৈঠকৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

CM Himanta Biswa Sarma : কংগ্ৰেছ-AIUDFৰ সংখ্যালঘু বিধায়কৰ গোপন বৈঠকৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

হিন্দু-মুছলমান সকলো আনন্দত আছে- মুখ্যমন্ত্ৰী

হিন্দু-মুছলমান সকলো আনন্দত আছে- মুখ্যমন্ত্ৰী

হিন্দু-মুছলমান সকলো আনন্দত আছে- মুখ্যমন্ত্ৰী

  • Share this:

বিজেপিৰ দিনত মুছলমানৰ ওপৰত অত্যাচাৰ-অৱহেলাৰ অভিযোগেৰে সংখ্যালঘু বিধায়কক এক কৰাৰ গোপন বৈঠক হৈছিল দিছপুৰত। মুকলিকৈ সাম্প্ৰদায়িক কথাৰে সমাজক ভাগ ভাগ কৰিবলৈ ওলোৱা সংখ্যালঘু বিধায়কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচৰাসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ক'লে- অসমত মুছলমানৰ ওপৰত অত্যাচাৰ চলা নাই৷ অসমৰ মুছলমানে পাইছে সকলো সা-সুবিধা৷ অভিযোগকাৰী বিধায়ক নাথাকে অসমত।


উল্লেখ্য, পশ্চিম গোৱালপাৰাৰ কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ চৰকাৰী বাসগৃহত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল এখন বিশেষ বৈঠক। বৈঠকখনত আছিল কংগ্ৰেছৰ জলেশ্বৰৰ বিধায়ক আফতাবুদ্দিন মোল্লা, AIUDFৰ সোণাইৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা, মানকাচৰৰ বিধায়ক আমিনুল ইছলাম৷ এই বৈঠকৰ পিছত কংগ্ৰেছ, AIUDFৰ দুই বিধায়কে চূড়ান্ত সাম্প্ৰদায়িকতাৰে কৈছিল অসমত মুছলমান এতিয়া সংকটত পৰা বুলি৷ সংকটমোচক কংগ্ৰেছ-AIUDF হ'ব বুলিও আত্মসমৰ্থনত কৈছিল কৰিমুদ্দিন বৰভূঞা, ৰছিদ মণ্ডলে৷


বাল্যবিবাহ, মাদ্ৰাছা ভঙা, এনকাউণ্টাৰ আদি সকলোতে মুছলমানকে টাৰ্গেট কৰা বুলি কৈছিল কৰিমুদ্দিন বৰভূঞাই৷ কংগ্ৰেছ-AIUDFৰ সংখ্যালঘু বিধায়কসকল এক হোৱাৰ যুক্তিও দৰ্শাইছিল দুয়োগৰাকী বিধায়কে ৷


ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া৷ মুখ্যমন্ত্ৰীক শনিবাৰে সোধা হৈছিল বিজেপিৰ দিনত অত্যাচাৰৰ সন্মুখীন হৈছে নেকি অত্যাচাৰৰ ৷ লগে লগে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে এইদৰে, "মইতো দেখা নাই৷ মুছলমান ল'ৰাই চাকৰি পাইছে, কলেজলৈ গৈছে, স্কুললৈ গৈছে, অৰুণোদয় পাইছে৷ মই য'লৈকে যাওঁ তাতে মুছলমান ল'ৰাবোৰে কয় কংগ্ৰেছৰ দিনত হিংসা আছিল, কোকৰাঝাৰত সংঘাত, ওদালগুৰিত সংঘাত আছিল বুলি ৷ এতিয়া সব ঠিক আছে ৷ হিন্দু-মুছলমান সকলো স্ফুৰ্তিত আছে ৷ হাঁহি আছে ৷ যি বিধায়কে কৈছে সেইবোৰ বিধায়ক অসমত নাথাকেই ৷"

শেহতীয়া বাতৰি