உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • খিলঞ্জীয়া মুছলমানৰ মাটিৰ অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে, বৰপেটাৰ মাজদিয়াত ঘোষণা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ

    খিলঞ্জীয়া মুছলমানৰ মাটিৰ অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে, বৰপেটাৰ মাজদিয়াত ঘোষণা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ

    খিলঞ্জীয়া লোকক মাটিৰ অধিকাৰ দিয়াতো চৰকাৰৰ দায়িত্ব  আৰু সেয়ে অনুপ্ৰবেশকাৰীৰ পৰা খিলঞ্জীয়া লোক শংকাত ভূগীবলগীয়া হোৱাৰ দৰে অৱস্থা বৰ্তমানৰ চৰকাৰৰ দিনত হ'বলৈ নিদিয়ে বুলি ঘোষণা কৰে জয়ন্ত মল্ল বৰুৱাই ৷

    • Share this:
    খিলঞ্জীয়া মুছলমানৰ মনৰ বতৰা লবলৈ বৰপেটাৰ মাজদিয়া গাঁৱত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা ৷ গৰিয়া মুছলমানপ্ৰধান গাঁও মাজদিয়াত উপস্থিত হৈ জয়ন্তমল্ল বৰুৱাই মাজদিয়াৰ গো-ৰিজাৰ্ভ পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে ৷

    ৰাজ্য চৰকাৰৰ নীতিৰ কথা স্পষ্ট দোহাৰি জয়ন্ত মল্ল বৰুৱাই কয়-  "অসমৰ খিলঞ্জীয়া হিন্দু অথবা মুছলমান লোকৰ মাটিৰ অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে ৷" ৰাজ্যৰ বহু ভিজিআৰ পিজিআৰ সন্দেহজনক লোকে বেদখল কৰাৰ মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱাৰ ৷ বৰপেটাৰ গো-ৰিজাৰ্ভত নিশাৰ ভিতৰতে এখনৰ পিছত এখন গাঁও গঢ় লৈ উঠা বুলি মন্তব্য কৰে জয়ন্তমল্ল বৰুৱাই ৷

    জয়ন্তমল্ল বৰুৱাই আৰু কয়, প্ৰতিটো দিনতেই খিলঞ্জীয়া লোক আগ্ৰাসনৰ বলি হ'বলগীয়া হৈছে ৷ সন্দেহজনক বেদখলকাৰীক লৈ খিলঞ্জীয়া লোকসকল শংকাত থাকিবলগীয়া হৈছে ৷
    ৰাজ্য চৰকাৰে বেদখলকাৰীক কোনোধৰণে প্ৰশ্ৰয় নিদিয়ে ৷ সকলো বেদখলকাৰীকে উচ্ছেদ কৰা হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবজনে।

    এই সকলো বিষয় মুখ্যমন্ত্ৰীক অবগত কৰিব বুলি জনোৱাৰ লগতে বৰুৱাই আকৌ কয় যে
    অসমৰ খিলঞ্জীয়া লোকৰ প্ৰতি মাটিৰ শংকা নামি আহিছে , অসমৰ খিলঞ্জীয়া লোকৰ ওচৰত যি ধৰণে মাটিৰ অধিকাৰ থাকিব লাগিছিল অসমীয়াৰ উদাসীনতাৰ বাবেই বা অনভিজ্ঞতাৰ বাবেই হওক আমাৰ সেই অধিকাৰ লাহে লাহে আনে কাঢ়ি নিয়া আৰম্ভ কৰিছে ৷ ৰাজ্য চৰকাৰৰ স্পষ্ট নীতি- অসমৰ খিলঞ্জীয়া হিন্দু অথবা মুছলমান লোকৰ মাটিৰ অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে ৷

    খিলঞ্জীয়া লোকক মাটিৰ অধিকাৰ দিয়াতো চৰকাৰৰ দায়িত্ব  আৰু সেয়ে অনুপ্ৰবেশকাৰীৰ পৰা খিলঞ্জীয়া লোক শংকাত ভূগীবলগীয়া হোৱাৰ দৰে অৱস্থা বৰ্তমানৰ চৰকাৰৰ দিনত হ'বলৈ নিদিয়ে বুলি ঘোষণা কৰে জয়ন্ত মল্ল বৰুৱাই ৷
    Published by:Manjumoni Borah
    First published: