আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষ চাহিদা থকা সুগন্ধি বৃক্ষ ৰূপে পৰিচিত সাঁচি খেতিৰ জৰিয়তে আপুনি স্বাৱলম্বী হ'ব পাৰে। মূলতঃ উজনিৰ যোৰহাট, শিৱসাগৰ আৰু গোলাঘাট জিলাৰ বহু পৰিয়ালে বাৰীৰ সাঁচিকেইজোপাৰ ওপৰতেই ভৱিষ্যতৰ ৰঙীন সপোন দেখে। আপুনিও সাঁচি খেতিৰ জৰিয়তে মাথোঁ কেইটামান বছৰৰ ভিতৰতেই হ'ব পাৰে লাখপতি অথবা কোটিপতি।
বিশেষকৈ মধ্যপ্ৰাচ্যৰ দেশসমূহত অগৰ নামেৰে পৰিচিত সাঁচি গছৰ বিশেষ চাহিদা আছে। অসমত উৎপাদিত সাঁচি গছৰ পৰা তৈয়াৰী বিভিন্ন সুগন্ধি তেলসমূহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহিদা অত্যধিক। প্ৰায় ১৯০৮ চন মানৰে পৰাই এই সাঁচি গছৰ চাহিদা বিশেষভাৱে দেখিবলৈ পোৱা গৈছিল। ইংৰাজৰ শাসনকালত তেওঁলোকে মহল তৈয়াৰ কৰি সাঁচি গছৰ ব্যৱসায়ৰ নামত কৰ সংগ্ৰহ কৰিছিল।
সেই সময়ৰ পৰাই বহু কৃষক, ব্যৱসায়ীৰ একমাত্ৰ উপাৰ্জনৰ উৎস হৈ পৰিছে সাঁচি গছ। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিগত কিছু বছৰৰ পৰা চৰকাৰী আইন অথবা নিৰ্দেশনাৰ অভাৱত এই ব্যৱসায়ৰ ওপৰত শেনদৃষ্টি পৰিল অসাধু চক্ৰৰ।আনকি বন ধ্বংসৰ অভিযোগ তুলি সুকলমে ব্যৱসায় কৰাতো আহিল বাধা।শেহতীয়াকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এক নিৰ্দেশনাই পুনৰ আশাৰ ৰেঙনি আনিছে সাঁচি কৃষক আৰু ব্যৱসায়ীসকলৰ মাজলৈ।
যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত কৃষকৰ বাৰীত এতিয়া দেখিবলৈ পোৱা গৈছে সাঁচি গছৰ বাগিচা।একেদৰে জিলাখনৰ কাকাজান অঞ্চলৰ প্ৰায় ৮০ শতাংশ লোকে এনেদৰে সাঁচি কৃষকৰ পৰা গছসমূহ ক্ৰয় কৰি আনি ঘৰে ঘৰে বিক্ৰীৰ উপযোগী কৰি তোলে।একপ্ৰকাৰ পৰম্পৰাত পৰিণত হোৱা সাঁচি ব্যৱসায়ৰ জৰিয়তে অঞ্চলটোত গঢ়ি উঠিছে সাঁচি গছৰ পৰা অগৰৰ তেল তৈয়াৰ কৰা বহুকেইটা ক্ষুদ্ৰ উদ্যোগ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।