உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Cabinet Meeting at Haflong: কাইলৈ পাহাৰীয়া জিলা ডিমা হাছাওত ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠক

    Cabinet Meeting at Haflong: কাইলৈ পাহাৰীয়া জিলা ডিমা হাছাওত ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠক

    আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে হাফলং চহৰ; কেবিনেটে কি দিব পাহাৰক?

    আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে হাফলং চহৰ; কেবিনেটে কি দিব পাহাৰক?

    আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে হাফলং চহৰ; কেবিনেটে কি দিব পাহাৰক?

    • Share this:
    পাহাৰত ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠক ৷ প্ৰথমবাৰলৈ পাহাৰত ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হ'ব ৷ পাহাৰীয়া ঐতিহাসিক ডিমা হাছাও জিলা এতিয়া সম্পূৰ্ণৰূপে সাজু ৷ কিয়নো কাইলৈ এই ডিমা হাছাওৰ সদৰ চহৰ হাফলংত অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠক ৷ ড° শৰ্মাৰ কেবিনেট বৈঠকৰ বাবে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে হাফলং চহৰ ৷ ডিমা হাছাওৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষতেই আৰম্ভ হ'ব কাইলৈ আবেলি ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠক (Cabinet meeting of Dr° Himanta Biswa Sarma) ৷

    ৰাজধানী দিছপুৰৰ বাহিৰত এইখন হ'ব মুখ্যমন্ত্ৰী ড° শৰ্মাৰ তৃতীয়খন কেবিনেট বৈঠক (Cabinet meeting)৷ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ এই কেবিনেট বৈঠকৰ পৰা পাহাৰীয়া ডিমা হাছাওবাসীয়ে বহু আশা কৰিছে ৷

    ৰাজ্যিক কেবিনেটক আদৰিবলৈ ত্ৰুটি কৰা নাই ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে (Dima Hasao autonomous council)৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোছাই এই সন্দৰ্ভত News18ক এনেদৰে ক'লে- “প্ৰথমবাৰৰ বাবে ৰাজ্যিক কেবিনেট ডিমা হাছাওত অনুষ্ঠিত হ'ব ৷ ইয়াৰ বাবে আমি অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিলোঁ ৷ আমি সৰু মানুহ, যিমান পাৰো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰীসভাৰ সন্মানীয় সদস্যসকলক শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিছোঁ ৷ হাফলংখন সুন্দৰকৈ সজাই পৰাই তুলিছোঁ ৷ আগৰ ডিমা হাছাও আৰু এতিয়া নাই ৷ ডিমা হাছাওবাসীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস ৰাখিছে ৷ দুয়োগৰাকী নেতাই আমাক আগবঢ়াই নিব বুলি বিশ্বাসী৷”

    মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সদস্যসকলৰ বাবে জনগোষ্ঠীয় খাদ্য সম্ভাৰ; বিশেষকৈ ডিমাছা খাদ্যৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোছাই News18ক জনায় ৷

    বুধবাৰে অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকৰ বাবে মংগলবাৰৰ আবেলি ভাগতে বহুকেইজন মন্ত্ৰী আহি উপস্থিত হয় হাফলঙত (Cabinet Meeting at Haflong) ৷ হাফলঙত উপস্থিত হৈ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোছাক সৌজন্যমূলকভাৱে সাক্ষাৎ কৰে ৷ News18ৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী দাসে ক'লে- “পাহাৰীয়া জিলা ডিমা হাছাওৰ ঐতিহ্য আৰু ইয়াৰ জনতাক ওচৰৰ পৰা জানিবলৈ কেবিনেট বৈঠকে সহায় কৰিব ৷ ডিমাছা জাতিৰ ঐতিহ্যক আমি জানিব পাৰিম ৷ ইয়াৰ স্বায়ত্তশাসিত পৰিষদে জিলাখনৰ সৰ্বাত্মক উন্নয়নৰ বাবে কাম কৰি আহিছে ৷ কাইলৈৰ কেবিনেটত অন্যান্য সিদ্ধান্তৰ লগতে মুখ্যমন্ত্ৰীয়ে পাহাৰীয়া জিলাখনৰ বাবেও দুই-এক সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।”

    বুধবাৰে পুৱা দিছপুৰৰ পৰা হেলিকপ্টাৰেৰে প্ৰথমে লংকাত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ৷ লংকাৰ পৰা ৰাস্তাৰে হাফলঙলৈ ৰাওনা হ'ব তেওঁ ৷ এই সময়ত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থাৰ বুজ ল'ব ৷  হাফলঙত উপস্থিত হৈ বহুকেইটা প্ৰকল্পৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ কেবিনেটৰ পিছত নিশাৰ ভাগত মুখ্যমন্ত্ৰী ড° শৰ্মাই পাহাৰীয়া জিলাখনৰ বহুকেইটা দল-সংগঠনৰ প্ৰতিনিধি আৰু জেষ্ঠ নাগৰিকৰ সৈতে মতবিনিময় কৰিব ৷ নিশা মুখ্যমন্ত্ৰী হাফলঙৰ আৱৰ্ত ভৱনত কটাব আৰু বৃহস্পতিবাৰে পুৱা হাফলঙৰ পৰা দিছপুৰলৈ ৰাওনা হ'ব ৷
    Published by:Gautam Barman
    First published: