অসমৰ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব কন্ঠশিল্পী জুবিন গাৰ্গৰ আজি জন্মদিন। তেওঁৰ জন্মদিনটোক অনুৰাগীসকলে উত্সৱ হিচাপে পালন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক তেওঁৰ ওপজা দিনৰ শুভেচ্ছা জনাইছে। সামাজিক মাধ্যম ফেচবুক আৰু টুইটাৰযোগে জন্মদিন শুভকামনা জনালে মুখ্যমন্ত্ৰীয়ে।
তেওঁ লিখিছে, ‘‘আপোনাক জন্মদিনৰ শুভেচ্ছা জনাইছো জুবিন! মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আপোনাক সুস্বাস্থ্যৰ আশীৰ্বাদ দিয়ক, আৰু আপুনি আপোনাৰ সুমধুৰ গীতবোৰেৰে আমাক আকৰ্ষিত কৰি থাকক।’’
আজি যোৰহাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৫০তম জন্মদিন উদযাপন কৰা হৈছে। সদৌ অসম জুবিন গাৰ্গ ফেনচ ক্লাবৰ উদ্যোগত আৰু যোৰহাট জিলা জুবিন গাৰ্গ ফেনচ ক্লাবৰ সহযোগত যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত জন্মদিন উদযাপনৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে ৰংঘৰৰ আৰ্হিত এটা মঞ্চ নিৰ্মাণ কৰা হৈছে। জুবিন গাৰ্গৰ ১১৮ ফুট উচ্চতাৰ এক প্ৰতিচ্ছবিও নিৰ্মাণ কৰা হৈছে। ইয়াৰোপৰি ১৯৯২ চনৰ পৰা বৰ্তমানলৈকে মুকলি হোৱা জুবিন গাৰ্গৰ সকলো গীতৰ এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছে জুবিন গাৰ্গ ফেনচ ক্লাবে।
উল্লেখ্য যে, যোৰহাটত আয়োজিত এই জন্মদিনৰ কাৰ্যসূচী হিচাপে আজি নিশা অসমৰ বহুকেইগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰিব।
Published by: Sehnaz Begum
First published: November 18, 2022, 11:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|