মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Sarbananda Sonowal Union Minister : সৰ্বানন্দ সোণোৱালক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোণোৱালক অসমৰ গৌৰৱ আখ্যা।

Sarbananda Sonowal Union Minister : সৰ্বানন্দ সোণোৱালক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোণোৱালক অসমৰ গৌৰৱ আখ্যা।

News18 Assam | News18-Assam
Updated:July 7, 2021, 9:54 PM IST
Sarbananda Sonowal Union Minister : সৰ্বানন্দ সোণোৱালক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোণোৱালক অসমৰ গৌৰৱ আখ্যা।
নতুন মন্ত্ৰীসভাক স্বাগতম জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সৰ্বানন্দ সোণোৱালক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

নতুন মন্ত্ৰীসভাক স্বাগতম জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সৰ্বানন্দ সোণোৱালক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
নতুন মন্ত্ৰীসভাক স্বাগতম জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মন্ত্ৰীসকলৰ শপত গ্ৰহণৰ পিছতে ৰাষ্ট্ৰপতিৰ সৈতে ফটো তোলে নতুন মন্ত্ৰী মণ্ডলীয়ে। টুইটাৰত সেই ফটো ছেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মন্ত্ৰীসকলক শুভেচ্ছা জনোৱাৰ লগতে তেওঁলোকে দেশৰ জনতাৰ আশা পূৰণ কৰিব বুলি আশা ব্যক্ত কৰে।


সৰ্বানন্দ সোণোৱালক শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ


কেন্দ্ৰীয় মন্ত্ৰীসভাত অংশ গ্ৰহণ কৰাৰ পিছতেই সৰ্বানন্দ সোণোৱালক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিল্লীত সৰ্বানন্দ সোণোৱালৰ বাসগৃহলৈ গৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ফুলৰ তোৰা যাঁচি শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই। টুইটাৰতো এখন ফটো ছেয়াৰ কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে টুইটত লিখিছে, "সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰীৰূপে নিয়ুক্তি দিয়াটো অসমৰ বাবে এক গৌৰৱৰ বিষয়। সৰ্বানন্দ সোণোৱালৰ দক্ষতা আৰু অভিজ্ঞতা কেন্দ্ৰীয় চৰকাৰৰ বাবে এক ডাঙৰ সম্পদ।"
Published by: Manjumoni Borah
First published: July 7, 2021, 9:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি