মুখ্যপৃষ্ঠা » খবৰ

» অসম

»NSCN(IM)ৰে আলোচনাত মিলিত হ'বলৈ ডিমাপুৰলৈ যাব NEDAৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা

NSCN(IM)ৰে আলোচনাত মিলিত হ'বলৈ ডিমাপুৰলৈ যাব NEDAৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা

News18 Assam | News18-Assam
Updated:September 19, 2021, 6:40 PM IST
NSCN(IM)ৰে আলোচনাত মিলিত হ'বলৈ ডিমাপুৰলৈ যাব NEDAৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা
File Photo

মঙলবাৰে ডিমাপুৰত আৰু কি কি কৰিব হিমন্ত বিশ্ব শৰ্মাই?

  • News18 Assam
  • Last Updated: September 19, 2021, 6:40 PM IST
  • Share this:
অসমৰ মুখ্যমন্ত্ৰী তথা North East Democratic Alliance, চমুকৈ NEDAৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ডিমাপুৰলৈ ৰাওনা হ'ব ৷ এদিনীয়া ভ্ৰমণসূচীৰে ডিমাপুৰলৈ যাবলগীয়া ড° হিমন্ত বিশ্ব শৰ্মাই নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN(IM)ৰ সৈতে আলোচনাত মিলিত হ'ব ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিগত বছৰত দিয়া দায়িত্ব অনুসৰি নতুন দিল্লীত ইতিমধ্যে একাধিকবাৰ NSCN(IM)ৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভাৰ সৈতে আলোচনাত মিলিত হৈছে ৷

আৰ এন ৰবিয়ে ২০১৫ৰ আগষ্টত স্বাক্ষৰিত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টক অপব্যাখ্যা কৰা, NSCNৰ গোটসমূহক 'অপৰাধী গোট' বুলি আখ্যা দিয়া আৰু নগালেণ্ড ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থাকিব বুলি কোৱাত NSCN(IM) ক্ষুব্ধ হৈ উঠিছিল ৷ ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী পদৰ পৰা ৰবিক আঁতৰাই নতুন মধ্যস্থতাকাৰী নিযুক্তি দিবলৈ বহুবাৰ NSCN(IM)য়ে ভাৰত চৰকাৰক আহ্বান জনাই আহিছে ৷ সম্প্ৰতি আৰ এন ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল পদৰ পৰা আঁতৰাই নি তামিলনাডুৰ দায়িত্ব দিছে ৷

এনে সন্ধিক্ষণতে NSCN(IM)ৰ সৈতে আলোচনাত মিলিত হ'বলৈ ডিমাপুৰত উপস্থিত হৈছে ভাৰত চৰকাৰৰ প্ৰতিনিধি হিচাপে ইণ্টেলিজেন্স ব্যুৰ'ৰ অৱসৰপ্ৰাপ্ত বিশেষ সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰ ৷ সুৰ্দীঘ ২১টা মাহৰ পিছত সোমবাৰে নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN(IM)ৰ সৈতে আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰৰ প্ৰতিনিধিয়ে আলোচনাত মিলিত হ'ব ৷

মধ্যস্থতাকাৰী মিশ্ৰ উপস্থিত হৈ সোমবাৰৰ পৰা NSCN(IM)ৰ সৈতে এলানি বৈঠকত মিলিত হ'ব ৷ ইয়াৰ লগতে NSCN(IM)ক কেতবোৰ বিষয়ত সৈমান কৰাবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ ক্ৰমে মঙলবাৰে ডিমাপুৰত উপস্থিত হ'ব NEDAৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ৷ ড° শৰ্মাই মধ্যস্থতাকাৰী মিশ্ৰৰ সৈতেও আলোচনাত মিলিত হ'ব বুলি দিছপুৰৰ এক সুত্ৰত প্ৰকাশ ৷
Published by: Himangshu Bhuyan
First published: September 19, 2021, 6:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি