শনিবাৰে নিশাৰ পৰা ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈছে বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাই আৰক্ষীক ধমক দিয়া এটা অডিও ক্লীপ
শনিবাৰে নিশাৰ পৰা ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈছে বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাই আৰক্ষীক ধমক দিয়া এটা অডিও ক্লীপ
'বিধায়কৰ ফোন টেপিং মই শুনিছো। অমিয় ভূঞাৰ লগত এই বিষয়ে মই কথা পাতিছো। মই তেওঁক সু পৰামৰ্শ দিছো, ভৱিষ্যতে যাতে এনে নহয়। লগতে আমাৰ বিধায়কসকলক মই কৈছো যে, অসমত যি আছিল পূৰ্বতে এতিয়া তেনেকুৱা হৈ থাকিব নালাগে। কিবা অভিযোগ থাকিলে মোক জনাওক। মই ব্যৱস্থা লম।'- বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় ভূঞাৰ ফোন ৰেকৰ্ডিং সন্দৰ্ভত এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, শনিবাৰে নিশাৰ পৰা ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈছে বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাই আৰক্ষীক ধমক দিয়া এটা অডিও ক্লীপ। ভাইৰেল অডিও ক্লীপটোৰ মতে বিধায়ক ভূঞাই নাৰায়ণপুৰ থানাৰ অ'চি পুষ্পকমল বৰাক কৈছিল যে, 'বিহপুৰীয়াত পুলিচগিৰী নচলাব। আপোনাৰ কাৰণে মোৰ কি মান-সন্মান নাথাকিব নেকি? মই এতিয়ালৈকে চিএমক কোৱা নাই। আপুনি পুলিচগিৰী নকৰিব। আপুনি পুলিচ-পাব্লিক চলাওক। মোৰ ৬০ হাজাৰ ভোটাৰে পিটিকা বনাই দিব আপোনাক।'
এই অডিও ক্লীপ ভাইৰেল হোৱাৰ পিছতে ছচিয়েল মিডিয়াত ককৰ্থনাৰ সন্মুখীন পিছতে বিধায়কগৰাকী। লগতে এগৰাকী মহিলা আৰক্ষী বিষয়াই অমিয় ভূঞাক নীতিশিক্ষা দিয়াৰো এটা ফোন ৰেকৰ্ডিং ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|