'DTO অফিচত কেৱল অফিচৰ মানুহ থাকিব লাগে।অন্য মানুহ থাকিব নালাগেঃ চন্দ্ৰমোহন পাটোৱাৰী
'DTO অফিচত কেৱল অফিচৰ মানুহ থাকিব লাগে।অন্য মানুহ থাকিব নালাগেঃ চন্দ্ৰমোহন পাটোৱাৰী
দুৰ্নীতিক যেন কোনো কাৰণতেই মানি নলয় শাসনাধিষ্ঠ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এতিয়া চলি আছে দালাল উৎখাত অভিযান। প্ৰতিদিনাই আৰক্ষীৰ জালত পৰিছে মাটিৰ দালাল। চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়।
সততে অভিযোগ শুনা যায় যে, পৰিবহণ বিষয়াৰ কাৰ্যালয়ত দালালেই উঠি ৰজা, বহি ৰজা। এইবাৰ বিভাগটোত থকা দালালাক কঠোৰ সকীয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী শৰ্মাই জনোৱা মতে, ৩৭১ জন ডি টি অ অফিচৰ দালালৰ লিষ্ট তেওঁৰ ওচৰত আছে। যিকেইজনৰ নাম আছে বহু সা-সম্পত্তি। কোনোবা এদিন এইসকলক উৎখাত কৰাৰ সাৱধানবাণী শুনালে মুখ্যমন্ত্ৰীয়ে।
আনকি এই সন্দৰ্ভত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, 'DTO অফিচত কেৱল অফিচৰ মানুহ থাকিব লাগে।অন্য মানুহ থাকিব নালাগে।এতিয়া ডি টি অ অফিচত অন্য মানুহ নাইকিয়া হৈছে। অনলাইনৰ জৰিয়তে ৫৫ হাজাৰ লোকে ড্ৰাইভিং লাইচেন্সৰ বাবে আৱেদন কৰিছে।'
অনলাইনত ফেৰীৰ টিকটৰ ব্যৱস্থাঃ
এতিয়াৰ পৰা এপৰ জৰিয়তে ফেৰীৰ টিকট বুকিং কৰিব পাৰিব।বাইক বা অন্য সামগ্ৰী কাঢ়িযাই নিয়াৰ সামগ্ৰীৰ মূল্য টিকটত নিৰ্ধাৰণ কৰা থাকিব।Google Pay, ফোন পে অথবা ৱালেটৰ যোগেদিও টিকট বুকিং কৰিব পাৰিব।মাজুলী-যোৰহাটৰ বাবে আনলাইন টিকট সেৱা মুকলি কৰা হৈছে। এটা সপ্তাহ বা ১৫ দিনৰ ভিতৰত গুৱাহাটীত এই অনলাইন সেৱা মুকলি হ'ব। এনেদৰে কয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|