মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক 'জন শিৰোমণি' উপাধি প্ৰদান৷ পাটবাউসীৰ শ্ৰীশ্ৰী দামোদৰদেৱ সত্ৰই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে এই উপাধি৷
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক 'জন শিৰোমণি' উপাধি প্ৰদান৷ পাটবাউসীৰ শ্ৰীশ্ৰী দামোদৰদেৱ সত্ৰই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে এই উপাধি৷
বৰপেটাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি হেলিকপ্টাৰেৰে বৰপেটাত উপস্থিত হয়৷ তাৰ পৰা মুখ্যমন্ত্ৰীগৰাকী পাটবাউসীৰ শ্ৰীশ্ৰী শংকৰদেৱ সত্ৰত গৈ উপস্থিত হয়৷ মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও পাটবাউসীৰ শ্ৰীশ্ৰী শংকৰদেৱ সত্ৰত সেৱা লয়৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মস্থলস্বৰূপ পাটবাউসী সত্ৰত শংকৰদেৱৰ ব্যৱহাৰ কৰা সংৰক্ষিত হৈ থকা সামগ্ৰীসমূহ মুখ্যমন্ত্ৰীয়ে দৰ্শন কৰে৷
আনহাতে, সাংবাদিকেৰে হোৱা কথা–বাৰ্তাত পাটবাউসীৰ শ্ৰীশ্ৰী শংকৰদেৱ সত্ৰক বৰদোৱা সত্ৰৰ নিচিনাকৈ ৰাজ্য চৰকাৰে বৃহৎ প্ৰকল্প স্থাপনৰ কাম আৰম্ভ কৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ পাটবাউসীৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰ দৰ্শণ কৰাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় পাটবাউসীৰ শ্ৰীশ্ৰী দামোদৰদেৱ সত্ৰত৷ মুখ্যমন্ত্ৰীগৰাকী পাটবাউসীৰ শ্ৰীশ্ৰী দামোদৰদেৱ সত্ৰত উপস্থিত হোৱাৰ পিছতেই সত্ৰৰ ভকতসকলে নাম–প্ৰসংগ অনুষ্ঠিত কৰে৷
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক 'জন শিৰোমণি' উপাধি প্ৰদান৷ পাটবাউসীৰ শ্ৰীশ্ৰী দামোদৰদেৱ সত্ৰই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে এই উপাধি৷ ইপিনে পাটবাউসীৰ শ্ৰীশ্ৰী শংকৰদেৱ সত্ৰ আৰু শ্ৰীশ্ৰী দামোদৰদেৱ সত্ৰ দুখনক সামৰি ৰাজ্য চৰকাৰে বৃহৎ প্ৰকল্প স্থাপনৰ কাম আৰম্ভ কৰিব৷ এই সম্পৰ্কে ৰাজ্য চৰকাৰে পৰৱৰ্তী সময়ত প্ৰকল্পৰ কথা ঘোষণা কৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|