মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অচিৰেই যোৰহাট–মাজুলীৰ মাজত চলিব ৬খন জাহাজ, নিমাতীঘাটত উপস্থিত হৈ ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

অচিৰেই যোৰহাট–মাজুলীৰ মাজত চলিব ৬খন জাহাজ, নিমাতীঘাটত উপস্থিত হৈ ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:September 15, 2021, 12:16 PM IST
অচিৰেই যোৰহাট–মাজুলীৰ মাজত চলিব ৬খন জাহাজ, নিমাতীঘাটত উপস্থিত হৈ ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ২খন ৰোপেক্স, দুটা জেট্টী মাজুলীত দিবলৈ অনুৰোধ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ২খন ৰোপেক্স, দুটা জেট্টী মাজুলীত দিবলৈ অনুৰোধ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • News18 Assam
  • Last Updated: September 15, 2021, 12:16 PM IST
  • Share this:
আজি পুনৰ নিমাতীঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘এনে আকস্মিক দুৰ্ঘটনাৰ বাবে আমি সাজু নাছিলো। অচিৰেই যোৰহাট–মাজুলীৰ মাজত চলিব ৬খন জাহাজ। এতিয়া চলি আছে দুখন ৰোপেক্স আৰু এখন জাহাজ। গুৱাহাটীৰ পৰা গৈ আছে আৰু দুখন জাহাজ। এমএছ ৰাজলক্ষ্মী, এম এছ ডিগাৰু কাইলৈ যোৰহাট পাব। ১৭ ছেপ্টেম্বৰলৈ আৰু এখন জাহাজ যোৰহাট পাব।’’

কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ২খন ৰোপেক্স, দুটা জেট্টী মাজুলীত দিবলৈ অনুৰোধ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। মেৰাইন ইঞ্জিন থকা দুখন ব্যক্তিগত নাও আজিৰ পৰা চলিব। ৮খন নাওৰ বাবে মেৰাইন ইঞ্জিন দিয়া হ'ব। ইয়াৰ বাবে সময় ৬০ দিন লাগিব। অফলামুখ কমলাবাৰী ঘাটলৈ ৩টাকৈ ট্ৰীপ চলি আছে জাহাজ।

আনহাতে, টিকটৰ কাৰণে মোবাইল এপৰ ব্যৱস্থা কৰিব চৰকাৰে। ২১ বা ২২ তাৰিখৰ পৰা মোবাইল এপত টিকট কাটিব পাৰিব। ঘৰৰ পৰাই টিকট কাটিব পাৰিব, লাইন পাতিব নালাগে। ১৫ দিনমান কষ্ট হ'ব তাৰ পিছত সকলো ভাল হ'ব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে কয় যে মাজুলীৰ পৰা লখিমপুৰ হৈ চলিব নাইট ছুপাৰ। গুৱাহাটীৰ পৰা আমি মণিটৰৰ ব্যৱস্থা কৰিম। নিমাতীঘাটৰ ঘটনাত ১২ জনক গ্ৰেপ্তাৰ কৰিছে, জামিন পাব নোৱাৰাকৈ ছাৰ্জশ্বীট দিম বুলিও মন্তব্য কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।
Published by: Sanjay Kumar Das
First published: September 15, 2021, 12:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি