• Home
  • »
  • News
  • »
  • assam
  • »
  • তামুলপুৰৰ খৈৰানীত পাগলাদিয়াৰ ওপৰত নিৰ্মাণ হ’ব ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং, মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে দলঙৰ স্থান

তামুলপুৰৰ খৈৰানীত পাগলাদিয়াৰ ওপৰত নিৰ্মাণ হ’ব ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং, মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে দলঙৰ স্থান

উল্লেখযোগ্য যে স্বাধীনতাৰ ৭৪ বছৰ পিছতো পাগলাদিয়াৰ ওপৰত এখন দলং নিৰ্মাণ নোহোৱাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজে জীয়াতু ভুগি আহিছিল৷

উল্লেখযোগ্য যে স্বাধীনতাৰ ৭৪ বছৰ পিছতো পাগলাদিয়াৰ ওপৰত এখন দলং নিৰ্মাণ নোহোৱাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজে জীয়াতু ভুগি আহিছিল৷

উল্লেখযোগ্য যে স্বাধীনতাৰ ৭৪ বছৰ পিছতো পাগলাদিয়াৰ ওপৰত এখন দলং নিৰ্মাণ নোহোৱাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজে জীয়াতু ভুগি আহিছিল৷

  • Share this:
বাক্সাৰ তামুলপুৰত আজি উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ উপ–নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযান চলি থকাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে তামুলপুৰত উপস্থিত হৈ কেইবাটাও উন্নয়নমূলক আঁচনি পৰিদৰ্শন কৰে৷ আজি মুখ্যমন্ত্ৰীগৰাকীয়ে তামুলপুৰৰ পৰা পোনে পোনে খৈৰাণীত পাগলাদিয়া নদীত নিৰ্মাণ হ’বলগীয়া দলঙৰ স্থান পৰিদৰ্শন কৰে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অচিৰেই অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া প্ৰায় ডেৰ কিলোমিটাৰ দৈৰ্ঘৰ দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে৷ ড০ শৰ্মাই কয় যে প্ৰায় ৬০০ কোটিটকীয়া এই দলংখন নিৰ্মাণ হ’লেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ব।

কুমাৰীকাটা- জালাহ পথটোও নিৰ্মাণ কৰিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তামুলপুৰ অঞ্চলৰ বহু উন্নয়নৰ স্থল আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে তামুলপুৰত পৰ্যটনৰ বহু সম্ভাৱনা আছে৷ ইয়াৰ বাবে যাতায়াত ব্যৱস্থাটোও সূচল হ’ব লাগিব৷ সেয়ে মই আগতেও আহিছো আৰু আহিম৷ আনকি মুখ্যমন্ত্ৰীগৰাকীয়ে দলং হ’লে খানা খুৱাব লাগিব বুলিও উপস্থিত ৰাইজক ৰগৰ কৰি কয়৷

উল্লেখযোগ্য যে স্বাধীনতাৰ ৭৪ বছৰ পিছতো পাগলাদিয়াৰ ওপৰত এখন দলং নিৰ্মাণ নোহোৱাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজে জীয়াতু ভুগি আহিছিল৷ বাৰিষা হ’লেই পথটোৰে বন্ধ হৈ পৰে যাতায়াত৷ আনকি কেইবাজনো লোকৰ মৃত্যুও হৈছে৷ সেয়ে এই স্থানত দলং নিৰ্মাণ কৰিব বিচৰাত অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে৷

প্ৰণিধানযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে তামুলপুৰত নিৰ্মাণ হৈ থকা মেডিকেল কলেজ আৰু জাৰতালুকৰ নিৰ্মাণৰত পকী দলংখনো পৰিদৰ্শন কৰে৷ পৰিদৰ্শনৰ সময়ত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োৰ উপৰিও কেবাজনো বিটিচি পৰিষদৰ কাৰ্যবাহী সদস্যই সংগ দিয়ে৷
Published by:Sanjay Kumar Das
First published: