মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কোকৰাঝাৰৰ মৃত্যুক সাবটি লোৱা ভগ্নীদ্বয়ৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কোকৰাঝাৰৰ মৃত্যুক সাবটি লোৱা ভগ্নীদ্বয়ৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

News18 Assam | News18-Assam
Updated:June 13, 2021, 4:37 PM IST
কোকৰাঝাৰৰ মৃত্যুক সাবটি লোৱা ভগ্নীদ্বয়ৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ অত্যন্ত দুৰ্গম অঞ্চল অভয়াকুটিত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মৃত ভগ্নীদ্বয়ৰ পৰিয়ালক সাক্ষাৎ কৰে।

উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ অত্যন্ত দুৰ্গম অঞ্চল অভয়াকুটিত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মৃত ভগ্নীদ্বয়ৰ পৰিয়ালক সাক্ষাৎ কৰে।

  • Share this:
কোকৰাঝাৰ জিলাৰ অভয়াকুটিত ৰাভা সম্প্ৰদায়ৰ দুই সম্পৰ্কীয় ভগ্নী ৰবিতা আৰু সোমাইনা ৰাভাই ৰহস্যজনকভাৱে আত্মহত্যা কৰা এক কৰুণ ঘটনাই ৰাজ্য জোঁকাৰি যোৱাৰ পিছতে আজি পৰিয়ালবৰ্গক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷

উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ অত্যন্ত দুৰ্গম অঞ্চল অভয়াকুটিত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মৃত ভগ্নীদ্বয়ৰ পৰিয়ালক সাক্ষাৎ কৰে আৰু এই দুৰ্ভাগ্যজনক ঘটনা কিদৰে সংঘটিত হ’বলৈ পালে তাক লৈ পৰিয়ালবৰ্গৰ সৈতে বাৰ্তালাপ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিষয়টো কোকৰাঝাৰ আৰক্ষী অধীক্ষক আৰু বিটিআৰৰ আইজিপিৰে আলোচনা কৰা বুলি জানিবলৈ দি কয় যে যদি হত্যাকাণ্ড হৈছে হত্যাকাৰীয়ে শাস্তি পাব লাগে আৰু যদি আত্মহত্যা হৈছে তাৰ প্ৰকৃত কাৰণ উলিয়াব লাগে।

আজি পৰিয়ালৰ সৈতে কথা–বতৰাত ঘটনাটোত ৰহস্য নিহিত থকাৰ সন্দেহ প্ৰকাশ কৰে পৰিয়ালটোৱে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নামনি অসমৰ গোৱালপাৰা, ধুবুৰী আদিকে কৰি ‍বিভিন্ন স্থানত মানুহে নিৰাপত্তাহীনতাত বাস কৰা বুলিও দোহাৰে ৷ কিন্তু আজি এটা বাৰ্তালৈ অহা বুলি মুখ্যমন্তী হিমন্ত বিশ্ব শৰ্মাই কয়, এইখন চৰকাৰে নামনি অসমৰ কোনো ধৰণৰ অত্যাচাৰ বিশেষকৈ দুখীয়া নিষ্পেষিত লোকৰ ওপৰত অত্যাচাৰ কেতিয়াও সহ্য কৰা নহ’ব বুলি সকীয়াই দিয়ে৷ আজি দুৰ্ভগীয়া পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাক্ষাৎকালত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু বিধায়ক লৰেন্স ইছলাৰীও উপস্থিত আছিল৷
Published by: Sanjay Kumar Das
First published: June 13, 2021, 4:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি