মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ঐতিহ্যপূৰ্ণ ক্ষেত্ৰৰূপে ৰাজ্য চৰকাৰে সংৰক্ষণ কৰিব যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ, ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

ঐতিহ্যপূৰ্ণ ক্ষেত্ৰৰূপে ৰাজ্য চৰকাৰে সংৰক্ষণ কৰিব যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ, ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:August 20, 2021, 9:19 AM IST
ঐতিহ্যপূৰ্ণ ক্ষেত্ৰৰূপে ৰাজ্য চৰকাৰে সংৰক্ষণ কৰিব যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ, ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
চৰকাৰে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰখন জিলাখনৰ অন্য স্থানলৈ স্থানান্তৰিত কৰি ইয়াক এখন ঐতিহ্যমণ্ডিত স্থান ৰূপে সংৰক্ষণ কৰিব।

চৰকাৰে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰখন জিলাখনৰ অন্য স্থানলৈ স্থানান্তৰিত কৰি ইয়াক এখন ঐতিহ্যমণ্ডিত স্থান ৰূপে সংৰক্ষণ কৰিব।

  • Share this:
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে হঠাৎ ঐতিহাসিক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ কাৰাগাৰখন পৰিদৰ্শন কৰাৰ লগতে কাৰাগাৰ কৰ্তৃপক্ষ আৰু কাৰাবন্দীসকলৰ সৈতে মত বিনিময় কৰে। পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে ১৯৪৩ চনৰ ১৫ জুনত মৃত্যুদণ্ড বিহা তথা কাৰাগাৰখনৰ ভিতৰত ফাঁচি দিয়া শ্বহীদ কুশল কোঁৱৰৰ ফাঁচি দিয়া স্থলী পৰিদৰ্শন কৰাৰ লগতে শ্বহীদ গৰাকীলৈ উক্ত স্থানত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে এই কাৰাগাৰখনত স্বাধীনতা সংগ্ৰামৰ সময়ত বন্দী কৰি ৰখা মুক্তিযোদ্ধা পিতাম্বৰ দেৱগোস্বামীৰ কোঠাটোও পৰিদৰ্শন কৰে। যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ যি ঐতিহ্য আছে, সেই ঐতিহ্যসমূহ কেনেদৰে সংৰক্ষণ কৰিব পৰা যাব সেই বিষয়ে পৰিদৰ্শন কৰিবলৈ আহিছিল মুখ্যমন্ত্রীগৰাকী।

উল্লেখযোগ্য যে পূৰ্বে যোৰহাট জিলা কাৰাগাৰ হিচাপে জনাজাত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ ১৯১১ চনত ব্ৰিটিছ শাসকসকলে মুকলি কৰিছিল। এই কাৰাগাৰখনত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত বিশিষ্ট মুক্তিযোদ্ধা পীতাম্বৰ দেৱগোস্বামী, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা স্বাধীনতা সংগ্ৰামী ফখৰুদ্দিন আলি আহমদ, অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী তথা বিশিষ্ট মুক্তিযোদ্ধা গোপীনাথ বৰদলৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা, স্বাধীনতা সংগ্ৰামী অমিয় কুমাৰ দাস, বিজয় ভাগৱতী, কামাখ্যা ত্ৰিপাথীৰ দৰে বৰেণ্য লোকসকলক বন্দী কৰি ৰখা হৈছিল। এই কাৰাগাৰতে বন্দীত্বৰ জীৱন কটাই থকা সময়তে মৃত্যু হৈছিল স্বাধীনতা সংগ্ৰামী বেজা বাউৰী আৰু কমলা মিৰিৰ। স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰকো এই কাৰাগাৰতে ফাঁচকাঠত ওলমাই মৃত্যুদণ্ড বিহা হৈছিল।

পৰিদৰ্শনৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতা দিৱসৰ ভাষণত উল্লেখ কৰাৰ দৰে ৰাজ্য চৰকাৰে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰখন জিলাখনৰ অন্য স্থানলৈ স্থানান্তৰিত কৰি ইয়াক এখন ঐতিহ্যমণ্ডিত স্থানৰূপে সংৰক্ষণ কৰিব। ৩০৭ বিঘা ভূমি সামৰি থকা এই ঐতিহ্যমণ্ডিত কাৰাগাৰখনৰ ১০০ বিঘা ভূমিত চৰকাৰে ঐতিহ্য ক্ষেত্ৰৰ ৰূপ দি সংৰক্ষণ কৰিব। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে উদযাপন কৰা 'আজাদী কা অমৃত মহোৎসৱ'ত স্বাধীনতা সংগ্ৰামী তথা শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ এই কাৰাগাৰখন ঐতিহ্যপূৰ্ণ ক্ষেত্ৰৰূপে ৰাজ্য চৰকাৰে সংৰক্ষণ কৰিবলৈ লৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
Published by: Sanjay Kumar Das
First published: August 20, 2021, 9:19 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি