মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে পাহাৰীয়া জিলা ডিমা হাছাওত উপস্থিত হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ গুৱাহাটীৰ পৰা হেলিকপ্টাৰযোগে অহা মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ লামডিঙৰ দ্বিতীয় APTF বেটেলিয়ন কেম্পত অৱতৰণ কৰাৰ পিছত স্থলপথেৰে গৈ মান্দাৰদিছাৰ বাঁহ উদ্যোগিক উদ্যানৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশ গ্ৰহণ কৰে।
লক্ষণীয় যে যি সময়ত ৰাজ্যৰ কাগজ কল দুটা মৃতপ্ৰায় অৱস্থাত আছে তেনে সময়তে আজি ডিমা হাচাও জিলাৰ মান্দাৰদিচাত ড’নাৰ মন্ত্ৰণালয়ৰ আবণ্টিত ৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বাঁহ উদ্যোগিক উদ্যানৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে৷
ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে উদ্যানখন হৈ যোৱাৰ পিছত সেই বাঁহেৰে টাইলচ, ধূপকাঠি, দৰ্জা, চিলিং আদি বনাব পৰা যাব, সেইবোৰ মানুহে দেখা পাব। লগতে ইয়াৰ বাঁহবোৰ বহুত ভাল ব্যৱহাৰ হ’ব আৰু মানুহৰ উপাৰ্জন বৃদ্ধি পাব বুলিো মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
লগতে দুদিনীয়া ভ্ৰমণসূচীত ডিমা হাছাওত চলি থকা অসম চৰকাৰ আৰু স্বায়ত্তশাসিত পৰিষদৰ আচঁনিবোৰ পৰ্যালোচনা কৰিব বুলিও কৰে মন্তব্য। ইপিনে মুখ্যমন্ত্ৰীৰ ডিমা হাছাও ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীক সংগ দিয়ে উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, মন্ত্ৰী পীযুষ হাজৰিকা, কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, হাফলং সমষ্টিৰ বিধায়িকা নন্দিতা গাৰ্লোচা, উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্ত পৰিষদৰ অধ্যক্ষ ৰাণু লাংঠাছা সহ অন্যান্য বিজেপিৰ নেতৃবৃন্দই। মান্দাৰদিছাৰ আধাৰশিলা কাৰ্যসূচীৰ অন্তত হাফলং অভিমুখে মুখ্যমন্ত্ৰী ৰাওনা হয় মুখ্যমন্ত্ৰী। নিশা হাফলঙত কটাই পুনৰ কাইলৈ গুৱাহাটীলৈ উভতিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|