• Home
  • »
  • News
  • »
  • assam
  • »
  • World class Religious Tourism Center : বিশ্বমানৰ ধৰ্মীয় টুৰিজিমৰ কেন্দ্ৰ হ’ব ধুবুৰী গুৰুদ্বাৰ, মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে ৫ কোটি টকা

World class Religious Tourism Center : বিশ্বমানৰ ধৰ্মীয় টুৰিজিমৰ কেন্দ্ৰ হ’ব ধুবুৰী গুৰুদ্বাৰ, মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে ৫ কোটি টকা

CM Himanta Biswa Sharma offer Prayers : শ্বহীদী দিৱসত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাই গুৰুদ্বাৰৰ উন্নয়নৰ বাবে ৫ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে।

CM Himanta Biswa Sharma offer Prayers : শ্বহীদী দিৱসত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাই গুৰুদ্বাৰৰ উন্নয়নৰ বাবে ৫ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে।

CM Himanta Biswa Sharma offer Prayers : শ্বহীদী দিৱসত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাই গুৰুদ্বাৰৰ উন্নয়নৰ বাবে ৫ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে।

  • Share this:
বিশ্বমানৰ ধৰ্মীয় টুৰিজিমৰ সম্ভাৱনা থকা পশ্চিম অসমৰ ইতিহাসপ্ৰসিদ্ধ ধুবুৰী গুৰুদ্বাৰক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। সোমবাৰৰ পৰা  ধুবুৰীৰ ঐতিহ্যমণ্ডিত ‘শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰ’ত আৰম্ভ হ’ল শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰৰ শ্বহীদী দিৱস।

তিনিদিনীয়া সেই কাৰ্যসূচীৰ প্ৰথম দিনা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় ধুবুৰীৰ প্ৰখ্যাত গুৰুদ্বাৰত। মুখ্যমন্ত্ৰীগৰাকীক শিখসকলৰ ধৰ্মীয় পৰম্পৰাৰে উষ্ম আদৰণি জনায় গুৰুদ্বাৰ কৰ্তৃপক্ষই। প্ৰায় এঘণ্টা জুৰি গুৰুদ্বাৰ দৰ্শন কৰি  নিজৰ শ্ৰদ্ধা নিৱেদন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শেষত গুৰুদ্বাৰ প্ৰাংগণত আয়োজিত এক ধৰ্মীয় সভাত নিজৰ ভাষণত গুৰু টেগ বাহাদুৰক নিজৰ শ্ৰদ্ধা নিবেদন কৰে তেওঁ।

সমান্তৰালকৈ গুৰুজনাৰ কৰ্মৰাজি আৰু চিন্তাধাৰাক ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। গুৰু টেগ বাহাদুৰৰ লগত শ্ৰীমন্ত শংকৰদেৱৰ লগতো সাক্ষাৎ হোৱাৰ কথা ইতিহাসৰ পাতত পোৱা যোৱাৰ লগতে এই অঞ্চলত শান্তিৰ পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ অবদানৰ কথা উল্লেখ কৰে।

নিজৰ ভাষণত ধুবুৰীৰ এই গুৰুদ্বাৰৰ উন্নয়নৰ আৰু বিশ্বমানৰ ধৰ্মীয় টুৰিষ্ট স্পট হিচাপে গঢ়ি তোলাৰ বাবে অসম চৰকাৰ ফালৰ পৰা ৫ কোটি টকাৰ আৰ্থিক অনুদান দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। লগতে প্ৰয়োজনত আৰু অধিক ধনৰাশি ৰাজ্য চৰকাৰে প্ৰদান কৰিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ লগত উক্ত অনুষ্ঠানত মন্ত্ৰী অশোক সিংহলো উপস্থিত আছিল।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: