মুখ্যপৃষ্ঠা » খবৰ

» অসম

»শিক্ষা জীৱনৰ আদিপাঠ গ্ৰহণ কৰা বিদ্যালয়খনত উপস্থিত হৈ নষ্টালজিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পত্নী ৰিণিকি ভূঞা শৰ্মাই আগবঢ়ালে এই উপহাৰ

শিক্ষা জীৱনৰ আদিপাঠ গ্ৰহণ কৰা বিদ্যালয়খনত উপস্থিত হৈ নষ্টালজিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পত্নী ৰিণিকি ভূঞা শৰ্মাই আগবঢ়ালে এই উপহাৰ

News18 Assam | News18-Assam
Updated:August 19, 2021, 2:22 PM IST
শিক্ষা জীৱনৰ আদিপাঠ গ্ৰহণ কৰা বিদ্যালয়খনত উপস্থিত হৈ নষ্টালজিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পত্নী ৰিণিকি ভূঞা শৰ্মাই আগবঢ়ালে এই উপহাৰ
চাকৰি সূত্ৰে হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ সেই সময়ত যোৰহাটত আছিল। যোৰহাট নগৰৰ জেবি ৰোডৰ দৰঙিচুকৰ এটি ভাড়াঘৰত আছিল হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ-মাতৃ।

চাকৰি সূত্ৰে হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ সেই সময়ত যোৰহাটত আছিল। যোৰহাট নগৰৰ জেবি ৰোডৰ দৰঙিচুকৰ এটি ভাড়াঘৰত আছিল হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ-মাতৃ।

  • Share this:
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আছে যোৰহাটৰ সৈতে এক বিশেষ সম্পৰ্ক। মুখ্যমন্ত্ৰী শৰ্মাৰ জন্মস্থান হৈছে যোৰহাটৰ জে’ল ৰোড। ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল যোৰহাটৰ মিছন হাস্পতালত। বহুতেই হয়তো এই কথা নাজানে যে হিমন্ত বিশ্ব শৰ্মাই জীৱনৰ প্ৰথম পাঠ গ্ৰহণ কৰিছিল যোৰহাটতে। প্ৰায় পাঁচ দশকৰ পিছত বৃহস্পতিবাৰে শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা যোৰহাটৰ বাল্য ভৱন হাইস্কুললৈ আহে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

চাকৰি সূত্ৰে হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ সেই সময়ত যোৰহাটত আছিল। যোৰহাট নগৰৰ জেবি ৰোডৰ দৰঙিচুকৰ এটি ভাড়াঘৰত আছিল হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ-মাতৃ। সেই সময়ত বাল্যভৱন যোৰহাটৰ এখন আগশাৰীৰ বিদ্যালয় আছিল। হিমন্ত বিশ্ব শৰ্মাৰ পিতৃয়ে সেই সময়ত পুত্ৰক নাম লগাই দিছিল বাল্যভৱনত। বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৯৭২–৭৩ চনত যোৰহাটৰ বাল্যভৱনৰ নিম্ন আৰু উচ্চ শ্ৰেণীত আনুষ্ঠানিক শিক্ষাৰ আদিপাঠ আৰম্ভ কৰিছিল। যোৰহাটত থকা সময়ত কণমানি হিমন্ত বিশ্ব শৰ্মাক সমনীয়াসকলে মাতিছিল নিতুল বুলি। আনুষ্ঠানিক শিক্ষাৰ পাতনি মেলা বাল্যভৱনৰ পৰাই হিমন্ত বিশ্ব শৰ্মাৰ যাত্ৰা আৰম্ভ হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱালৈ।



বৃহস্পতিবাৰে যোৰহাটৰ বাল্য ভৱনত উপস্থিত হৈ নষ্টালজিক হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰীগৰাকীৰ আটাইকেইজন ভাতৃয়ে অধ্যয়ন কৰিছিল বাল্যভৱনতে। সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথমে ৰোল নম্বৰ আছিল ২৮ আৰু পিছলৈ ৰোল নম্বৰ হৈছিল ১। মুখ্যমন্ত্ৰীগৰাকীয়ে অতীতৰ বহু কথা ৰোমন্থন কৰে। ভাতৃৰ সৈতে সেইসময়ত দৰঙিচুকৰ পৰা খোজকাঢ়ি বিদ্যালয়লৈ আহিছিল হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ৰ ৰেজিষ্টাৰ বুকখন চাই তাত বিদ্যালয়খনলৈ এটি শুভেচ্ছা বাণীও লিখে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বাল্যভৱনৰ এটা বিশেষ সুনাম আছিল। ইয়াত অধ্যয়ন কৰাটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গৌৰৱৰ কাৰণ আছিল। বিদ্যালয়খনৰ এটা বিশেষ পৰম্পৰা আছিল। মণ্টেছৰী শিক্ষা অসমৰ ভিতৰত যোৰহাট বাল্য ভৱনতে আৰম্ভ হৈছিল। মই ইয়াত মিড ডে মিল খাইছিলো ১৯৭২ চনত। বৰ্তমান এই মিড ডে মিল ব্যৱস্থাক সমগ্ৰ দেশে স্বীকৃতি দিছে বুলি মত ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।



আনহাতে, মুখ্যমন্ত্ৰী হিচাপে অসমৰ সকলো বিদ্যালয়কে চৰকাৰৰ তৰফৰ পৰা সমদৃষ্টিৰে চাব লাগে বুলি মত ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সেয়েহে বাল্য ভৱনৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা ভাতৃকেইগৰাকীৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালে কৰিব বুলি জানিবলৈ দিয়ে ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে, মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই যোৰহাট বাল্য ভৱনৰ উন্নয়নৰ বাবে এক কোটি টকা আগবঢ়াব বুলি বিদ্যালয় কৰ্তৃপক্ষক জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

"মই যোৰহাটলৈ অহাৰ পূৰ্বে ৰিণিকিক শুধিছিলো যে মই প্ৰথম শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনলৈ যাম, তুমি কিবা উপহাৰ দিবা নেকি বিদ্যালয়খনলৈ। লগে লগেই ৰিণিকিয়ে বাল্য ভৱনলৈ এক কোটি টকা দিব বুলি কয়। বাল্যভৱনৰ উন্নয়নৰ বাবে মোৰ দাদা-ভাইটিহঁতৰ সৈতে আমাৰ পৰিয়ালৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় আগবঢ়াম।", মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয় কৰ্তৃপক্ষক এনেদৰে কয়।

কিন্তু বাল্য ভৱন কৰ্তৃপক্ষক এই কথা অৱগত কৰিলেও সংবাদ মাধ্যমত এই কথা ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰীগৰাকী। যোৰহাটৰ বাল্য ভৱন হাইস্কুলক মণ্টেছৰীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান কৰা বিদ্যালয় ৰূপে গঢ় দিব বিচাৰিছে বিদ্যালয় কৰ্তৃপক্ষই। আৰু এই ক্ষেত্ৰত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ যোৰহাটৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগু আৰু বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীক দায়িত্ব প্ৰদান কৰে  মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ এই পদক্ষেপৰ বিদ্যালয় কৰ্তৃপক্ষই শলাগ লৈছে। বৃহস্পতিবাৰে যোৰহাটত বাল্যভৱনৰ লগতে আন বহুকেইখন উচ্চশিক্ষানুষ্ঠান ভ্ৰমণৰ কাৰ্যসূচী আছে মুখ্যমন্ত্ৰীগৰাকীৰ।
Published by: Sanjay Kumar Das
First published: August 19, 2021, 2:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি