Himanta Biswa Sarma: গুৱাহাটীৰ পৰাই মুখ্যমন্ত্ৰীয়ে ৰেলেৰে কামপুৰলৈ ভ্ৰমণ কৰে। Himanta Biswa Sarma: গুৱাহাটীৰ পৰাই মুখ্যমন্ত্ৰীয়ে ৰেলেৰে কামপুৰলৈ ভ্ৰমণ কৰে। নামনি আৰু মধ্য অসমত বানে এইবাৰ তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই নিজেই বান বিধ্বস্ত (Flood Affected Areas) এলেকালৈ গৈ বান পানীৰ বুজ লৈছে। ইমানেই নহয় আশ্ৰয় শিবিৰ (Relief Camps)সমূহলৈ নিজেই গৈ শিবিৰত থকা লোকসকলৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সাহাৰ্য সামগ্ৰী পৰ্যাপ্ত পৰিমাণে পাইছেনে নাই তাৰ নিজেই বুজ লৈছে ভুক্তভোগীসকলৰ পৰা।
কিন্তু বিধ্বংসী বান সত্বেও হেলিকপ্টাৰেৰে বান পৰিস্থিতিৰ বুজ লোৱাৰ পৰিৱৰ্তে আজি নাৱেৰে বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে আজি নগাঁৱৰ কেইবাটাও বানপীড়িত এলেকালৈ গৈ পৰিস্থিতিৰ বুজ লয়। চাওক ভিডিঅ'-
Ass
এঘণ্টাৰো অধিক সময় NDRFৰ নাৱেৰে বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী শৰ্মাই। নগাঁৱ (Nagaon)ৰ কামপুৰৰ লগতে চাপৰমুখ, ৰহা আদিত বানৰ বুজ লোৱাৰ লগতে কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে। ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰ, কামপুৰ কলেজৰ আশ্ৰয় শিবিৰত ভুক্তভোগীৰ অৱস্থাৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে।
নগাঁৱৰ পিছতে মৰিগাঁওতো বান পীড়িত লোকৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী শৰ্মাই। নেলীত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিশা বানপীড়িত লোকৰ সৈতে মুখ্যমন্ত্ৰীয়ে যথেষ্ট সময় কথা-বতৰা পাতে।
Published by: Manjumoni Borah
First published: June 22, 2022, 21:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|