হেলিকপ্টাৰেৰে বান সমস্যা পৰ্যবেক্ষণ কৰাৰ পিছত আজি পানীত নামি শিলচৰ চহৰ (Silchar Town)ত দ্বিতীয়বাৰৰ বাবে বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। বিগত প্ৰায় ১০ দিন ধৰি বানৰ তলত থকা শিলচৰ চহৰত একাঁঠু পানীত নামি বান পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে। শিলচৰ চহৰৰ হানত বুৰ গৈ থকা এলেকাসমূহত পানী ফালি খোজকাঢ়ি পৰিদৰ্শন কৰাৰ লগতে স্থানীয় বিভিন্নজনৰ সৈতে মত বিনিময় কৰে।
মুখ্যমন্ত্ৰীয়ে কয়, "শিলচৰ নগৰখনৰ বেছিভাগ অঞ্চল বানত ডুব গৈছে আৰু জনসাধাৰণ বহু কষ্টৰ মাজত থকাৰ কথা অনুভৱ কৰিছোঁ। আমাৰ চৰকাৰ জনতাৰ কাষত সদায়েই আছে আৰু বানৰ ফলত দেখা দিয়া জনতাৰ দুখ-কষ্ট লাঘৱ কৰাৰ বাবে অহৰহ প্ৰশাসনে প্ৰচেষ্টা চলাই আছে।"
ইয়াৰ পিছতে নাৱেৰে এঘণ্টাৰো অধিক সময় ৰবৰ ৰঙিৰখাৰীত ৰাষ্ট্ৰীয় ঘাইপথ হৈ তাৰাপুৰ ভ্ৰমণ কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছতে শিলচৰ উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্তৰ লগতে বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী শৰ্মা।
Published by: Manjumoni Borah
FIRST PUBLISHED : June 26, 2022, 13:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|