মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বটদ্ৰৱাত ড° হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বটদ্ৰৱাত ড° হিমন্ত বিশ্ব শৰ্মা
"গুৰুজনাৰ প্ৰকল্প ৰূপায়িত কৰাত হেমাহি নকৰিব, আপোনালোকক পাপে চুব। ১৮মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰক।"- এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰলৈ বটদ্ৰৱালৈ অহা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকল্পস্থলীত নিৰ্মিত অস্থায়ী সভাগৃহত জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া, গড়কপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা, ঠিকাদাৰী প্ৰতিষ্ঠানৰ কৰ্মকৰ্তাৰ সৈতে বৈঠকত মিলিত হয়।
প্ৰকল্পৰ কাম অতি লেহেমীয়া গতিত চলাৰ বাবে ক্ষুব্ধ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰীগৰাকীয়ে বিভাগীয় কৰ্মকৰ্তা সকলক ১৮মাহৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে আজিৰ এই বৈঠকত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, বিধায়ক জিতু গোস্বমী, বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাও উপস্থিত থাকে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|