• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma : নতুন দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ বান পৰিস্থিতিক “জটিল” বুলি ঘোষণা কৰিবলৈ আহ্বান

CM Himanta Biswa Sarma : নতুন দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ বান পৰিস্থিতিক “জটিল” বুলি ঘোষণা কৰিবলৈ আহ্বান

Himanta Biswa Sarma

Himanta Biswa Sarma

এন ডি আৰ এফৰ ফাণ্ডৰ পৰাও টকা মুকলি কৰিবলৈ আহ্বান জনায় গৃহমন্ত্ৰী অমিত শ্বাহক।

  • Share this:
নতুন দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। সাক্ষাৎকালত অসমৰ বান পৰিস্থিতিৰ ওপৰত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে অসমৰ বান পৰিস্থিতিক (Assam Flood Situation) “জটিল” বুলি ঘোষণা কৰিবলৈ গৃহমন্ত্ৰীগৰাকীক আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে লগতে এছ ডি আৰ এফৰ পৰা লাভ কৰা ৩২৭ কোটি টকাৰ উপৰি এন ডি আৰ এফৰ ফাণ্ডৰ পৰাও টকা মুকলি কৰিবলৈ আহ্বান জনায় গৃহমন্ত্ৰী অমিত শ্বাহক। এন ডি আৰ এফৰ ফাণ্ডৰ পৰা আগতীয়া কিস্তি মুকলি কৰিবলৈ অনুৰোধ জনায় তেওঁ (CM himanta biswa Sarma urges Amit Shah)।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে বিশেষ পেকেজৰ কথা নাহে, ক্ষতিপূৰণ অনুসাৰে কেন্দ্ৰই সহায় কৰিব। মুখ্যমন্ত্ৰীয়ে ৩০ৰ পৰা ৫০ হাজাৰ লোকৰ ঘৰ ক্ষতিসাধন হোৱাৰ কথা উল্লেখ কৰি আগষ্টৰ ভিতৰত এছ ডি আৰ এফৰ টকাৰে সাহায্য দিয়াৰ কথা প্ৰকাশ কৰে। এছ ডি আৰ এফৰ একাউণ্টৰ ধন শেষ হ'লে এন ডি আৰ এফৰ পৰা টকা পোৱাৰ আশা ব্যক্ত কৰে।

মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে পূৰ্বৰ দৰে আনুমানিক স্মাৰকপত্ৰ নহয়, এক সঠিক হিচাপৰ প্ৰতিবেদন দিয়া হ'ব আৰু সেই অনুসৰি কেন্দ্ৰই সহায় কৰিব ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি