আগন্তুক ৮ নৱেম্বৰত অনুষ্ঠিত হ'ব দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। দেউৰী স্বায়ত্তশাসিত পৰিষদ দখলৰ বাবে পূৰ্ণ তৎপৰতাৰে নামিছে বিজেপি। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্বাচনৰ বাবে সংকল্প পত্ৰ উন্মোচন কৰে।
স্বায়ত্তশাসিত পৰিষদৰ ৪খন পৰিষদীয় সমষ্টিত অগপৰ প্ৰাৰ্থীক সমৰ্থন দি বিজেপিয়ে উজনি আৰু উত্তৰ অসমত থকা দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি মিত্ৰজোঁটৰ দখলত ৰখাৰ লক্ষ্য ৰাখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দেউৰী জনগোষ্ঠী অসমৰ ভোটাতৰা সদৃশ। তেওঁ বিজেপিয়ে অসমৰ আটাইকেইটা জনজাতীয় জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰিছে বুলি প্ৰকাশ কৰি কয়– জনজাতীয় জনগোষ্ঠীৰ লোকৰ মূল সমস্যা ভূমি সমস্যা। অসম চৰকাৰে জনজাতীয় পৰিয়ালৰ বাবে ভূমি নীতি সাংশোধন কৰিছে।
প্ৰতিগৰাকী মূল ব্যক্তিৰ বিপৰীতে ৫০ বিঘা ভূমি আবণ্টন দিয়াৰ ব্যৱস্থা নতুন ভূমি নীতিৰ জৰিয়তে কৰা হৈছে। পৰিষদখনৰ অন্তৰ্গত বিদ্যালয়ৰ উন্নয়নৰ ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীয়ে পথ পকীকৰণৰ ব্যৱস্থাৰ লগতে জনজাতীয় প্ৰমাণ–পত্ৰ দিয়াৰ ব্যৱস্থাৰ বিষয়ে প্ৰকাশ কৰে।
দেউৰী জনগোষ্ঠীৰ মহিলাৰ বয়নজাতীয় সামগ্ৰী চৰকাৰে চৰকাৰী মূল্যত কিনাৰ আশ্বাস দি মুখ্যমন্ত্ৰীয়ে দেউৰী স্বায়িত্তশাসিত পৰিষদ এলেকাৰ নদীত দলং নিৰ্মাণৰ ব্যৱস্থা, দেউৰী মহিলাক অগ্ৰাধিকাৰ দি নতুনকৈ ৭ লাখ মহিলাক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা, দেউৰী সমাজৰ ১০০ বছৰ পুৰণি উপাসনাস্থলীলৈ ১০ লাখ টকাৰ অনুদান দিয়া, ১ লাখ নিযুক্তিৰ প্ৰক্ৰিয়াত আৰু অভিযন্তাৰ পাঠ্যক্ৰমত ভাগ ল'ব পৰাকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা, দেওশালৰ পূজাৰীক বাৰ্ষিক ১ লাখ টকাৰ অনুদান দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে ৫০০০ কোটি ব্যয়েৰে স্বাৱলম্বিতাৰ ক্ষেত্ৰত নতুন কার্যক্রমণিকা আৰম্ভ কৰিবলৈ আগবঢ়াৰ বিষয়ে উল্লেখ কৰি অসম চৰকাৰ দেউৰী যুৱক–যুৱতীক এই আঁচনিত বিশেষ সুবিধা প্ৰদান কৰিব বুলি কয়।
আনহাতে দেউৰী স্বায়ত্তশাসিত পৰিষদলৈ পুঁজি প্ৰদানৰ পৰিমাণ বৃদ্ধি কৰা, পৰিষদৰ সকলো এলেকাত পানী যোগানৰ ব্যৱস্থা কৰাৰ আশ্বাসো দিয়ে মুখ্যমন্ত্ৰীয়ে। লগতে তেওঁ কয়– ''যোৱাবাৰ ৭খন আসন পাইছিলোঁ, কিন্তু এইবাৰ পৰিৱেশ বেলেগ। আমি বহুত ভাল ফল দেখুৱাম। দেউৰীসকলক ক্ৰীড়া, সংস্কৃতি, শিক্ষা ক্ষেত্ৰত আগবঢ়াই নিবলৈ পদক্ষেপ লোৱা হ'ব।''
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|