• Home
  • »
  • News
  • »
  • assam
  • »
  • পৰ্যটন আগবাঢ়িল, পৰিবহণ পিছুৱাই থাকিল... নাৰাজ মুখ্যমন্ত্ৰী ! একেখন মঞ্চতে বহা পাটোৱাৰীক ভমক দি ১০ দিনৰ সময়সীমা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ...

পৰ্যটন আগবাঢ়িল, পৰিবহণ পিছুৱাই থাকিল... নাৰাজ মুখ্যমন্ত্ৰী ! একেখন মঞ্চতে বহা পাটোৱাৰীক ভমক দি ১০ দিনৰ সময়সীমা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ...

File Photo

File Photo

মন্ত্ৰী মন্ত্ৰীৰ মাজত সুষ্ঠ প্ৰতিযোগিতা হওক , ৰাজনীতিকৰ মাজত পুৰস্কাৰৰ কোনো কথা নাই ৷ প্ৰতিযোগিতাৰ দৌৰত পিছ পৰিছে উদ্যোগ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পৰিবহন বিভাগক লৈ নাৰাজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

  • Share this:
প্ৰতিযোগিতাৰ দৌৰত পিছ পৰিছে উদ্যোগ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পৰিবহন বিভাগক লৈ নাৰাজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ আমিনগাঁৱৰ ৰাজহুৱা সভাত পাটোৱাৰীক ১০ দিনৰ সময়সীমা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

তামুলপুৰৰ নিৰ্বাচনী সভাত মন্ত্ৰী ৰঞ্জিত দাসক ভমকৰ পাছত এইবাৰ ৰাজ্যৰ উদ্যোগ পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ মন্ত্ৰী বিমল বড়াৰ পৰ্য্যটন বিভাগৰ দৰে আগবঢ়া নাই পৰিবহন বিভাগ ৷ বিপৰীতে বহুখিনি পিছত আছে ৷ সেয়ে পাটোৱাৰীলৈ মুখ্যমন্ত্ৰীৰ আহ্বান প্ৰতিযোগিতাৰ দৌৰত অংশ লওক পৰিবহন মন্ত্ৰী তথা বিভাগে ৷ মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি কোভিড কালীন সময়ত পৰিবহন খণ্ডৰ চালক হেণ্ডিমেনক এককালীন সাহায্য প্ৰদান কৰাৰ কথা আছিল ৷ পিছে, মুখ্যমন্ত্ৰীৰ এই ঘোষনা ঘোষণা হৈ ৰ'ল ৷ কিয়নো বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বিভাগে আজিলৈ প্ৰস্তুত নকৰিলে তালিকা ৷ যাৰ বাবে একেলগে ঘোষনা কৰা পৰ্য্যটন বিভাগৰ ট্যুৰ অপাৰেটৰ সাহায্য প্ৰদান হল যদিও বিভাগীয় কাম কাজত পিছ পৰা পাটোৱাৰীৰ বাবে নাপালে চালক হেণ্ডিমেনে সাহায্য ৷ সেয়ে পাটোৱাৰীলৈ মুখ্যমন্ত্ৰীৰ মুকলি আহ্বান ১০ দিনৰ ভিতৰত তালিকা প্ৰস্তুত কৰি সাহায্য প্ৰদান কৰক চালক হেণ্ডিমেনক ৷ এনেদৰে একেখন মঞ্চত বহাই পাটোৱাৰীক এইদৰে ভমক দিলে মুখ্যমন্ত্ৰীয়ে৷
Published by:Kokil Sarma
First published: