• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma : তামুলপুৰত আন্দোলন নোহোৱাকৈ, কোনেও গুলী নোখোৱাকৈ সকলো পাইছে, নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

CM Himanta Biswa Sarma : তামুলপুৰত আন্দোলন নোহোৱাকৈ, কোনেও গুলী নোখোৱাকৈ সকলো পাইছে, নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ কয়, "তামুলপুৰত অতি কম সময়ৰ ভিতৰত বহু উন্নয়ন হৈছে আৰু হ'ব। পাগলাদিয়া নদীৰ দলং, মেডিকেল কলেজ আৰু জিলা একেলগে পাইছে তামুলপুৰে।"

  • Share this:
উপ নিৰ্বাচন (By Election) ৰ দিন যিমানেই চমু চাপিছে সিমানেই আকৰ্ষণীয় হৈ পৰিছে তামুলপুৰৰ ৰাজনৈতিক দৃশ্যপট। আজি BJP,  AGP সমৰ্থিত UPPL দলৰ মনোনীত প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই। সভাত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য- তামুলপুৰ (Tamulpur)ত এতিয়া আমাৰ প্ৰাৰ্থীৰ কোনো প্ৰতিদ্বন্দ্বী নাই। বিপুল ভোটত জয়ী হৈ সমষ্টিৰ উন্নয়নৰ কাম কৰিব জলেন দৈমাৰীয়ে।"

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ কয়, "তামুলপুৰত অতি কম সময়ৰ ভিতৰত বহু উন্নয়ন হৈছে আৰু হ'ব। পাগলাদিয়া নদীৰ দলং, মেডিকেল কলেজ আৰু জিলা একেলগে পাইছে তামুলপুৰে। তিনি চাৰি মাহৰ ভিতৰতে ৬০০ কোটি টকা খৰছ কৰি মেডিকেল কলেজ আৰম্ভ কৰা হ'ব। আজি তামুলপুৰে যি পাইছে কেৱল এটা ভোটৰ দ্বাৰা পাইছে। ইয়াত কোনো আন্দোলন কৰা নাই, কোনো গুলী খাব লগা হোৱা নাই।" ইমানেই নহয়, তামুলপুৰৰ সকলো লোকৰ মাটিৰ কাগজ ঠিক কৰি দিবলৈ BTR প্ৰধান প্ৰমোদ বড়ো (Pramod Bodo)ক কোৱা হৈছে বুলিও সভাত জানিব দিয়ে মুখ্যমন্ত্ৰীক।

আজিৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে BTR প্ৰধান প্ৰমোদ বড়ো, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, ইউ জি ব্ৰহ্মকে আদি কৰি আন বহু নেতাই। অৱশ্যে নিৰ্বাচনী বিধিৰ বাবে সাধাৰণ ৰাইজৰ শাৰীতে বহিল প্ৰাৰ্থী জলেন দৈমাৰীয়ে।
Published by:Manjumoni Borah
First published: