• Home
  • »
  • News
  • »
  • assam
  • »
  • ২৭ নৱেম্বৰত ছিপাঝাৰৰ গৰুখুটি প্ৰকল্পলৈ আহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

২৭ নৱেম্বৰত ছিপাঝাৰৰ গৰুখুটি প্ৰকল্পলৈ আহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

পুৱা ১০ বজাত হেলিকপ্টাৰযোগে গৰুখুটি প্ৰকল্পত উপস্থিত হৈ কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰিব লগতে এখন ৰাজহুৱা সভাতো ভাগ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে।

পুৱা ১০ বজাত হেলিকপ্টাৰযোগে গৰুখুটি প্ৰকল্পত উপস্থিত হৈ কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰিব লগতে এখন ৰাজহুৱা সভাতো ভাগ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে।

পুৱা ১০ বজাত হেলিকপ্টাৰযোগে গৰুখুটি প্ৰকল্পত উপস্থিত হৈ কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰিব লগতে এখন ৰাজহুৱা সভাতো ভাগ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • Share this:
২৭ নৱেম্বৰত ছিপাঝাৰ গৰুখুটি প্ৰকল্পলৈ আহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ছিপাঝাৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই জানিবলৈ দিয়া মতে,  ২৭ নৱেম্বৰত গৰুখুটি কৃষি প্ৰকল্পত উপস্থিত হৈ কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে দ্বিতীয়বাৰৰ বাবে ধলপুৰ শিৱ মন্দিৰ পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ধলপুৰৰ উচ্ছেদিত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে বুজ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰকল্পত থকা গাহৰি ফাৰ্ম, গৰু ফাৰ্ম, পুখুৰী, খেতি পথাৰ আদিৰ পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।

পুৱা ১০ বজাত হেলিকপ্টাৰযোগে গৰুখুটি প্ৰকল্পত উপস্থিত হৈ কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰিব লগতে এখন ৰাজহুৱা সভাতো ভাগ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে। শেষত বহুমুখী কৃষি প্ৰকল্পত নিয়োজিত যুৱক–যুৱতীসকলৰ সৈতে মত বিনিময়ত মিলিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ধলপুৰৰ কাৰ্যসূচী সামৰি তিনি বজাত গুৱাহাটীলৈ উভতিব মুখ্যমন্ত্ৰীগৰাকী।

সোমবাৰে দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা, স্থানীয় বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, কৃষি বিভাগৰ উচ্চপদস্থ বিষয়া, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে বিষয়াসকলৰ উপস্থিতিত দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা বিশেষ সভাত ২৭ নৱেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গৰুখুটিৰ কাৰ্যসূচী চূড়ান্ত কৰা হয়।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী দায়িত্ব লাভ কৰাৰ পিছতেই ড০ হিমন্ত বিশ্ব শৰ্মাই ৭ জুন তাৰিখে ধলপুৰ শিৱ মন্দিৰত প্ৰথমবাৰৰ বাবে দৰ্শন কৰিছিল। ইয়াৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৰুখুটি বহুমুখী প্ৰকল্প কাৰণে বিধায়ক পদ্ম হজৰিকাক অধ্যক্ষ হিচাপে দায়িত্ব দি মৃণাল শইকীয়া, স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী, সাংসদ দিলীপ শইকীয়া সহ কমিটী গঠন কৰি দিছিল আৰু ইয়াৰ পিছতেই দ্ৰুত গতিত আগবাঢ়িছিল বহুমুখী কৃষি প্ৰকল্পৰ কাম। ধলপুৰ বৃহত্তৰ অঞ্চলত উচ্ছেদ চলোৱাৰ পিছত কৃষি বিভাগৰ তৎপৰতাত কৃষিকাৰ্য কৰিছিল। কৃষি প্ৰকল্পৰ উৎপাদিত শাক–পাচলি বজাৰত উলিয়াই দিছিল কৃষি বিভাগে। ইয়াৰ পিছত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰিব বহুমুখী কৃষি প্ৰকল্প।
Published by:Sanjay Kumar Das
First published: