• Home
  • »
  • News
  • »
  • assam
  • »
  • খড়্গ পোৰা ছাইৰে কাজিৰঙাত নিৰ্মাণ গঁড়ৰ প্ৰতিকৃতি, আজি উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে

খড়্গ পোৰা ছাইৰে কাজিৰঙাত নিৰ্মাণ গঁড়ৰ প্ৰতিকৃতি, আজি উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মতে, এইবাৰ পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ হ’ব গঁড়ৰ খড়্গৰ ছাইৰে নিৰ্মিত এই তিনিটা গঁড়ৰ প্ৰতিকৃতি৷

  • Share this:
আজি কাজিৰঙাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব তিনিটাকৈ গঁড়ৰ প্ৰতিকৃতি। ২০২১ চনৰ ২২ ছেপ্টেম্বৰত ২৪৭৯টা গঁড়ৰ খড়্গ জ্বলাই দিছিল প্ৰশাসনে৷ সেই গঁড়ৰ খড়্গৰ ছাইৰে তিনিটা গঁড়ৰ প্ৰতিকৃৰ্তি নিৰ্মাণ কৰা হৈছে৷ আজি আবেলি ৩.৩০ বজাত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব কাজিৰঙাৰ মিহিমুখত নিৰ্মাণ কৰা এই গঁড়ৰ প্ৰতিকৃতি।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মতে, এইবাৰ পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ হ’ব গঁড়ৰ খড়্গৰ ছাইৰে নিৰ্মিত এই তিনিটা গঁড়ৰ প্ৰতিকৃতি৷ উল্লেখযোগ্য যে অহা ১৫ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ অৱশ্যে বতৰে প্ৰতিকুল অৱস্থাৰ সৃষ্টি কৰিলে নিৰ্দিষ্ট দিনৰ কিছু সালসলনি হোৱাৰো সম্ভাৱনা আছে৷

ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি নহ’লেও আজিৰে পৰা ২৬ ছেপ্টেম্বৰলৈকে কাজিৰঙাত অনুষ্ঠিত হ’ব লগা চৰকাৰৰ চিন্তন বৈঠকৰ সময়ত উপস্থিত হোৱা অতিথিসকলক ৰাষ্ট্ৰীয় উদ্যানখনৰ কিছু অংশ দৰ্শনৰ ব্যৱস্থা কৰিব উদ্যান কৰ্তৃপক্ষই৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি