
দাহন কৰা হ’ব হোজাই জিলাৰ আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় দ্ৰব্যসমূহ।
দাহন কৰা হ’ব হোজাই জিলাৰ আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় দ্ৰব্যসমূহ।
আজি হোজাইলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দুপৰীয়া ১.৩০ বজাত হেলিকপ্টাৰযোগে শংকৰদেৱ নগৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ অৱতৰণৰ বাবে বৰবহাত নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড। হেলিপেডৰ পৰা মুখ্যমন্ত্ৰী যাব শংকৰদেৱ নগৰ উপ–আৰক্ষী চকীৰ খেলপথাৰলৈ। তাত আয়োজিত নিচাজাতীয় দ্ৰব্য দাহন কাৰ্যসূচীত ভাগ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে।
দাহন কৰা হ’ব হোজাই জিলাৰ আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় দ্ৰব্যসমূহ। জ্বলোৱা হ’ব ৩২৪.৭৩২ গ্ৰাম হেৰইন, ১০১৫ কেজি ৬২৭ গ্ৰাম গাঞ্জা আৰু ৩৫.৫২২টা টেবলেট। ড্ৰাগছ বিনষ্টকৰণ অভিযান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকিব ৰাজ্যৰ DGP গৰাকীও।ফলত হোজাই জিলা আৰক্ষী প্ৰশাসনে সাজু কৰি তুলিছে দাহন কৰিবলগীয়া ঠাইডোখৰৰ চৌপাশ। গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|