ঠিকেই, মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছে গুজৰাট মডেল৷ মন্ত্ৰীৰ লগত দায়িত্বত থাকিব অভিজ্ঞ বিধায়ক৷ হয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ বিধায়ক হৈ থকাৰ অৱস্থাত বহুকেইটা যুগান্তকাৰী পদক্ষেপ হাতত লৈছিল গুজৰাটৰ সৰ্বাংগীন উন্নয়নৰ বাবে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো লৈছে তেনে কিছু পদক্ষেপ৷
সোমবাৰে জনসংযোগৰ দ্বাৰা প্ৰেৰিত এক পত্ৰত মুখ্যমন্ত্ৰী শৰ্মাই স্পষ্ট ভাৱে কৈছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি প্ৰক্ৰিয়াৰ দ্বাৰা গুজৰাটৰ পৰিৱৰ্তন সাধন কৰিছিল; একে পদক্ষেপ ল'ব বিচাৰিছে মুখ্যমন্ত্ৰী শৰ্মাই৷ উন্নয়ন তৰান্বিত কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী সকলৰ লগত দায়িত্ব ভগাই দিছে বহু বিধায়কক৷ মুখ্যমন্ত্ৰীয়ে নিজৰ লগত ৰাখিছে অজয় কুমাৰ ৰায়, ৰূপক শৰ্মা, জিতু গোস্বামী, বিশ্বজিৎ ফুকন, ডা৹ নোমল মমিন, ৰূপেশ গোৱালাক৷
কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগত দায়িত্ব দিয়া হৈছে বিধায়ক অতুল বৰা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, পদ্ম হাজৰিকা, ৰঞ্জিত দত্তক৷ মন্ত্ৰী অতুল বৰাৰ লগত নন্দিতা গাৰ্লোচা, ফণীভূষণ চৌধুৰী, ভূপেন বাড়ো, বিদ্যাছিং ইংলেং৷ ইউ জি ব্ৰহ্মৰ সৈতে জয়ন্ত বসুমতাৰী,ভাস্কৰ শৰ্মা, গোবিন্দ বসুমতাৰী, পৃথ্বিৰাজ ৰাভা৷ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, হিতেন্দ্ৰ নাথ গোস্বামী, প্ৰদীপ হাজৰিকা, ভৱেশ কলিতাক দিয়া হৈছে দায়িত্ব৷
সেইদৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে দিয়া হৈছে মিহিৰকান্তি স'ম, প্ৰমোদ বৰঠাকুৰ, গণেশ লিম্বু, প্ৰশান্ত ফুকনক৷ কেশৱ মহন্তৰ লগত দায়িত্ব দিয়া হৈছে পৰমানন্দ ৰাজবংশী, মৃণাল শইকীয়া, উৎপল বৰা, পোণাকন বৰুৱাক৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সৈতে দায়িত্ব দিয়া হৈছে তৰংগ গগৈ, বলীন চেতীয়া, দিগন্ত কলিতা আৰু মানৱ ডেকাক৷ অশোক সিংহলৰ সৈতে সুমন হৰিপ্ৰিয়া, ৰমাকান্ত দেউৰী, ৰামকৃষ্ণ ঘোষ আৰু লৰেন্স ইছলাৰীক৷
ঠিক একেদৰে মন্ত্ৰী যোগেন মহনৰ সৈতে দায়িত্ব লাভ কৰিছে দ্বিপ্যায়ন চক্ৰৱৰ্তী, চক্ৰধৰ গগৈ, তেৰছ গোৱালা, ভৱেন ভৰালীক৷ আনহাতে, সঞ্জয় কিষাণৰ সৈতে ভূৱন পেগু, বিনোদ হাজৰিকা, সুৰেণ ফুকন, ৰূপছিং টেৰণক৷ অজন্তা নেওগৰ সৈতে বিজয় মালাকাৰ, কৌশিক ৰায়, হেমাঙ্গ ঠাকুৰীয়া, জয়ন্ত মল্ল বৰুৱাক৷ মন্ত্ৰী পীযূষ হাজৰিকাৰ সৈতে কৃষ্ণেন্দু পাল, ডৰসিং ৰংহাং, কৃষ্ণ কমল তাঁতী, শিবু মিশ্ৰক দিয়া হৈছে দায়িত্ব৷ মন্ত্ৰী বিমল বৰাৰ সৈতে দায়িত্ব দিয়া হৈছে ধৰ্মেশ্বৰ কোঁৱৰ, অমিয় ভূঞা, নৱ দলে, ৰেণুপমা ৰাজখোৱাক৷
প্ৰত্যেকগৰাকী মন্ত্ৰীয়ে এতিয়াৰে পৰা মাহৰ দ্বিতীয় মঙলবাৰ আৰু চতুৰ্থ মঙলবাৰত বহিব লাগিব দায়িত্ব দিয়া বিধায়কৰ সৈতে৷ নৈশ ভোজনতো মাতিব লাগিব বিভাগীয় বিধায়কক৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদাংক অনুসৰণৰে এইদৰে আদবাঢ়িছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|