মুখ্যপৃষ্ঠা »খবৰ »অসম »Prafulla Kumar Mahanta : ৰাজভৱনত দেখা পাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

Prafulla Kumar Mahanta : ৰাজভৱনত দেখা পাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা খুব বেয়া, উন্নয়ন কৰিবলৈ চৰকাৰে চেষ্টা কৰকঃ প্ৰফুল্ল কুমাৰ মহন্ত

ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা খুব বেয়া, উন্নয়ন কৰিবলৈ চৰকাৰে চেষ্টা কৰকঃ প্ৰফুল্ল কুমাৰ মহন্ত

ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা খুব বেয়া, উন্নয়ন কৰিবলৈ চৰকাৰে চেষ্টা কৰকঃ প্ৰফুল্ল কুমাৰ মহন্ত

  • Share this:
ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰলৈ সাক্ষাৎ হয় দুবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে। সোমবাৰৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ সন্ধিয়া গুৱাহাটীৰ ৰাজভৱনত উপস্থিত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ (Prafulla Kumar Mahanta) ওচৰলৈ গৈ স্বাস্থ্যৰ খবৰ ল'লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে বিগত ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত দুবাৰকৈ হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ ডাউন টাউন হাস্পতালত আৰু পিছলৈ নতুন দিল্লীৰ এইমছত ভৰ্তি হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। দুমাহমান পিছত কিছু পৰিমাণে সুস্থ হৈ উঠা প্ৰফুল্ল কুমাৰ মহন্তই নিয়মীয়া কৈ ব্যায়াম আৰু চিকিৎসকৰ পৰামৰ্শত খোৱা–লোৱা কৰি আছিল।

সম্প্ৰতি বহুখিনি ভাল পাইছে যদিও তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। বহু দিনৰ মূৰত ৰাজভৱনৰ পৰা নিমন্ত্ৰণ পাই প্ৰফুল্ল কুমাৰ মহন্তই সহধৰ্মিণী ড০ জয়শ্ৰী গোস্বামী মহন্ত আৰু পুত্ৰ শামন্ত কাশ্যপক লগত লৈ সোমবাৰে ৰাজ্যপালৰ বাসগৃহলৈ যায়। তাতে ৰাজ্যপাল, বিভিন্নগৰাকী সাংসদ, মন্ত্ৰী আৰু বিধায়কে প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে মত বিনিময় কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো (CM Himanta Biswa Sarma) নিজ আসনৰ পৰা উঠি আহি দাদা বুলি সম্বোধন কৰি মহন্তৰ স্বাস্থ্যৰ খবৰ লয়। তাৰ পিছতেই সাংবাদিকৰে সৈতে হোৱা কথোপকথনত প্ৰফুল্ল কুমাৰ মহন্তই স্পষ্টভাৱে উল্লেখ কৰে যে অসমৰ অৱস্থা খুৱ বেয়া। অৰ্থনৈতিক অৱস্থা উন্নয়নৰ বাবে চৰকাৰে ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে বুলিও কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

শেহতীয়া বাতৰি