• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma : হোজাইত বান বিধ্বস্ত অঞ্চলৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে, ঘৰ হেৰুওৱাসকলক দিব ৯৫ হাজাৰ টকা

CM Himanta Biswa Sarma : হোজাইত বান বিধ্বস্ত অঞ্চলৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে, ঘৰ হেৰুওৱাসকলক দিব ৯৫ হাজাৰ টকা

কপিলী নদীৰ পাৰৰ ৩৫ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি মন্তব্য

কপিলী নদীৰ পাৰৰ ৩৫ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি মন্তব্য

কপিলী নদীৰ পাৰৰ ৩৫ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি মন্তব্য

  • Share this:
হোজাইত আজি উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুজ লয় বান বিধ্বস্ত অঞ্চলৰ।পুৱা ১১.৩০ বজাত মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ অৱতৰণ কৰে যোগীজান ৰাজবাৰী অঞ্চলৰ খেলপথাৰত। ইয়াৰ পিছত স্থলপথেৰে দক্ষিণ কেন্দ্ৰগুৰিত উপস্থিত হৈ কপিলীৰ খহনীয়া আৰু ছিগা মথাউৰি পৰিদৰ্শন কৰে হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)।

লগতে দক্ষিণ কেন্দ্ৰগুৰি অঞ্চলৰ বৰ নামঘৰত উপস্থিত হৈ নামঘৰত সেৱা লোৱাৰ লগতে  নামঘৰ প্ৰাংগণতে বান পীড়িত ৰাইজৰ লগত মাটিত বহি আলোচনাত মিলিত হয়। দক্ষিণ কেন্দ্ৰগুৰি অঞ্চলৰ পৰা উভতি যোৱাৰ পথত পূব নভংগা অঞ্চলতো বান পীড়িত ৰাইজৰ লগত মত বিনিময় কৰি পুনৰ ৰাজবাৰী খেলপথাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী।

শেষত তাতে  জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগত এক পৰ্যালোচনা বৈঠকত অংশ লয় মুখ্যমন্ত্ৰীগৰাকী। বৈঠকৰ শেষত সংবাদ মাধ্যমক সম্বোধন কৰি হোজাইত কপিলী নদীৰ পাৰৰ ৩৫ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি মন্তব্য কৰাৰ লগতে  হোজাই জিলাত (Hojai District) থকা পৌৰাণিক সামগ্ৰী চাবলৈ দ্বিতীয়বাৰ হোজাইলৈ আহিব বুলিও ঘোষণা কৰে।

ইয়াৰ উপৰি হোজাইৰ বান পীড়িত ১৮ হাজাৰ পৰিয়ালক ৩৮০০ টকাকৈ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে বুলিও কৰে মন্তব্য। আনহাতে বানত ঘৰৰ বেছি ক্ষতি হোৱা পৰিয়ালক ৯৫ হাজাৰ টকা আৰু কম ক্ষতি হোৱা লোকক কিছু সাহায্য দিয়া হ'ব বুলিও কৰে মন্তব্য।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি