মুখ্যপৃষ্ঠা »খবৰ »অসম »বিয়া পতা আৰু সন্তান জন্ম দিয়াৰ সঠিক বয়স কিমান? কি ক'লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বদৰুদ্দিন আজমলে

বিয়া পতা আৰু সন্তান জন্ম দিয়াৰ সঠিক বয়স কিমান? কি ক'লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বদৰুদ্দিন আজমলে

ত্ৰিছ বছৰ বয়সৰ ভিতৰত বিয়া পতাৰ পৰামৰ্শ মুখ্যমন্ত্ৰী আৰু বদৰুদ্দিন আজমলৰ

ত্ৰিছ বছৰ বয়সৰ ভিতৰত বিয়া পতাৰ পৰামৰ্শ মুখ্যমন্ত্ৰী আৰু বদৰুদ্দিন আজমলৰ

  • Share this:
অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু AIUDFৰ সাংসদ বদৰুদ্দিন আজমলে কৰিলে বিয়া আৰু সন্তান জন্মক লৈ কিছু বিশেষ মন্তব্য। বিয়া কিমান বয়সত পাতিব লাগে আৰু কিমান বয়সত সন্তান জন্ম দিব লাগে, সেই বিষয়ে মন্তব্য কৰিলে দুয়ো বিপক্ষ নেতাই।

শনিবাৰে অৰ্থাৎ ২৮ জানুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট চমূকৈ AIUDF প্ৰধান বদৰুদ্দিন আজমলে সকলোকে সময়ত বিয়া পাতিবলৈ আৰু সময়ত সন্তান জন্ম দিয়াৰ পৰামৰ্শ দিছে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিয়া আৰু সন্তান জন্মক লৈ ৰাইজক আহ্বান কৰি কয় যে, ‘‘যিসকলে এতিয়াও বিয়া পতা নাই সোনকালে বিয়া পাতক। ২২ৰ পৰা ৩০ বছৰৰ ভিতৰত জন্ম দিয়ক সন্তান। ৩৫ বছৰৰ পাছত সন্তান জন্ম দিলে কেতিয়াবা অসুবিধাত পৰিবলগীয়া হয়।’’  কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিয়া পতাৰ পিছতো দীৰ্ঘদিন ধৰি পৰিয়াল বৃদ্ধি নকৰা সকলক উদ্দেশ্যি এই কথা কয় ৷

মুখ্যমন্ত্ৰীৰ পিছতে কিছুদিন পূৰ্বে বিয়া আৰু সন্তান জন্মক লৈ বিতৰ্কিত মন্তব্য দিয়া বদৰুদ্দিন আজমলে বাল্য বিবাহৰ বিৰোধিতা, কম বয়সত মাতৃত্বক লৈ মন্তব্য কৰিছে ৷ তেওঁ কয় যে, ‘‘ছোৱালীৰ বিয়া কম বয়সত হ’ব নালাগে। ল’ৰাৰ বিয়াৰ বয়সো ২২-২৩ হ’ব লাগে ৷ বাল্য বিবাহ বন্ধ হ’ব লাগে ৷ চৰ অঞ্চলত কম বয়সৰ মুছলমান ছোৱালীৰ বিয়া দেখি দুখ লাগে। মোৰ চকুপানী ওলাই গৈছে কম বয়সৰ ছোৱালীৰ কোলাত সন্তান দেখি ৷ ল’ৰা–ছোৱালী জন্ম দিয়াতকৈ শিক্ষাত গুৰুত্ব দিয়ক।’’

ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু AIUDFৰ সাংসদৰ মন্তব্যত সামঞ্জস্য দেখিবলৈ পোৱা গৈছে ৷ কিছুদিন পূৰ্বে বদৰুদ্দিন আজমলে কম বয়সত বিয়া পাতি ১০-১২টা সন্তান জন্ম দিব লাগে বুলি কৈছিল। তেওঁ এতিয়া মুছলমান যুৱক-যুৱতীয়ে ১৮ৰ পৰাহে বিয়াত বহিব লাগে, সন্তান জন্ম দিয়াতকৈ শিক্ষাত গুৰুত্ব দিব লাগে এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়।

শেহতীয়া বাতৰি