বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / ২৬ হাজাৰ নিযুক্তিত যদি এটাও খেলিমেলি ওলাই, আমি সিদিনাই চৰকাৰ এৰি দিম : হিমন্ত বিশ্ব শৰ্মা

২৬ হাজাৰ নিযুক্তিত যদি এটাও খেলিমেলি ওলাই, আমি সিদিনাই চৰকাৰ এৰি দিম : হিমন্ত বিশ্ব শৰ্মা

২৬ হাজাৰ নিযুক্তিত যদি এটাও খেলিমেলি ওলাই, আমি সিদিনাই চৰকাৰ এৰি দিম : হিমন্ত বিশ্ব শৰ্মা

নিয়োগ লাভ কৰা প্ৰাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ আহ্বান – প্ৰথম লাভ কৰা দৰমহাৰে মা–দেউতাক উপহাৰ, দ্বিতীয়তে গাঁৱৰ নামঘৰত বৰঙণি আৰু তৃতীয় মাহত নিজ বিদ্যালয়খনত এটা সহায় কৰক।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

২৬ হাজাৰ নিযুক্তিত যদি এটাও খেলিমেলি ওলাই, আমি সিদিনাই চৰকাৰ এৰি দিম। আজি খানাপাৰাত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এই ৰাজ্যত থাকি অসমৰ বিৰোধিতা কৰা দিন উকলি গ’ল। নেতিবাচক চিন্তাৰ এতিয়া স্থান নাই।’’

নিয়োগ লাভ কৰা প্ৰাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ আহ্বান – প্ৰথম লাভ কৰা দৰমহাৰে মা–দেউতাক উপহাৰ, দ্বিতীয়তে গাঁৱৰ নামঘৰত বৰঙণি আৰু তৃতীয় মাহত নিজ বিদ্যালয়খনত এটা সহায় কৰক।

বিজ্ঞাপন

লগতে নিয়োগ লাভ কৰা প্ৰাৰ্থীৰ যদি কাৰোবাৰ ঘৰত অৰুণোদয় আঁচনি লাভ কৰি আছে, আজিয়ে কৰ্তন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। নতুনকৈ নিযুক্তি পোৱা আৰক্ষীসকলক মুখ্যমন্ত্ৰীয়ে কয়, ‘‘দুখীয়া মানুহক অত্যাচাৰ কৰাৰ বাবে আৰক্ষীৰ পোছাক পিন্ধা নাই। মাৰ্চিডিজ চালকক হুইচেল আৰু ৰিক্সাচালক–ঠেলাচালকক লাঠি, এনে কাৰ্য ত্যাগ কৰক। ডাঙৰ অফিচাৰে এনে বাণী পাহৰি যায়, কিন্তু পাহৰিলে নহ’ব।’’

‘‘আমাৰ কাৰ্যকালত ৪০ হাজাৰ নতুন বিদ্যালয় স্থাপন হৈছে। ২ লাখ নিয়োগ সম্ভৱ হৈছে। চাহ বাগিচা অঞ্চলত ১শ খন নতুন বিদ্যালয় হ’ব। দেশৰ ৰাষ্ট্ৰপতিয়ে শুভ উদ্ভোধন কৰিব এই বিদ্যালয়ৰ।’’ – ক’লে মুখ্যমন্ত্ৰীয়ে।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন