• Home
  • »
  • News
  • »
  • assam
  • »
  • 'মই কংগ্ৰেছৰ পৰা আহিছিলো, কিন্তু বিজেপিৰ মহানতা চাওক, মোক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিলে'- বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ

'মই কংগ্ৰেছৰ পৰা আহিছিলো, কিন্তু বিজেপিৰ মহানতা চাওক, মোক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিলে'- বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ

নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আগত লৈ আমি আগবাঢ়িছো আৰু সেই লক্ষ্যত উপনীত হ'মেইঃ মুখ্যমন্ত্ৰী

নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আগত লৈ আমি আগবাঢ়িছো আৰু সেই লক্ষ্যত উপনীত হ'মেইঃ মুখ্যমন্ত্ৰী

নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আগত লৈ আমি আগবাঢ়িছো আৰু সেই লক্ষ্যত উপনীত হ'মেইঃ মুখ্যমন্ত্ৰী

  • Share this:
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তিম দিনা মুখ্যমন্ত্ৰীয়ে উদাত্ত ভাষণ কপ্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে, 'বিজেপি কেৱল ৰাজনৈতিক দল নহয়। ৰাষ্ট্ৰ আৰু মানৱ জাতিৰ বাবে এক উৎসৰ্গিত এক সত্তা। ভাৰতৰ সভ্যতা সংস্কৃতিয়ে নতুন গতি লাভ কৰিছে। লুইতৰ পাৰত থিয় হৈ প্ৰধান মন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰিছো।ভাৰতবৰ্ষক বিশ্ব গুৰু আসনত প্ৰতিষ্ঠা কৰক। মানৱ জাতিৰ সংকটৰ মুহূৰ্তত আমি গৌৰৱ কৰো আমি এনে এজন প্ৰধানমন্ত্ৰী লাভ কৰিছো। যি জনে মানৱ জাতিক সংকটৰ পৰা উদ্ধাৰ কৰিছে।'

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,  'আমি নৰেন্দ্ৰ মোদী হ'ব নোৱাৰো, কিন্তু তেওঁৰ আদৰ্শ ,পদাংক অনুসৰণ কৰিব পাৰো। প্ৰধানমন্ত্ৰী আমেৰিকালৈ গৈছে। লগত ডিঙিত অসমৰ গৌৰৱ গামোচা। আমি গোৰাৱান্বিত। কিন্তু আজিলৈকে কংগ্ৰেছৰ কোনো প্ৰধানমন্ত্ৰীয়ে লোৱা মনত নপৰে। বগীবিল ধলা শদিয়া ৰাস্তা হ'ল।ৰাজকোষৰ দুৱাৰ প্ৰধানমন্ত্ৰীয়ে উত্তৰপূবৰ বাবে মুকলি কৰি দিছে।'

'আমাৰ ভাগ্য আমি পৰিৱৰ্তন কৰিব লাগিব। ভাগ্য পৰিবৰ্তনৰ বাবে আৰু মাত্ৰ ৫টা বছৰ।অসমৰ সভ্যতা সংস্কৃতি ৰক্ষাৰ বাবে অসম মাতৃৰ সেৱাৰ বাবে উৎসৰ্গিত কৰিব লাগিব।
কোনো কোনোৱে কয় speed বেছি হৈছে নেকি। কিন্তু কোনো শুলে এতিয়া নহ'ব। মন্ত্ৰী বিধায়ক সাংসদ বহি থাকিলে নহ'ব। কাৰণ এই ৫টা বছৰ কাম কৰিব লাগিব। লক্ষ্য বহুদূৰ।মন্ত্ৰী বিধায়ক অহংকাৰী হব নালাগে। আজি আন ৰাজ্য ক'ত আৰু আমি ক'ত। সময় সুযোগ পাইছো গতিকে আমি কাম কৰিব লাগিব।'- এনেদৰেও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইফালে ৰাজ্যত শেহতীয়াকৈ চলি থকা বিতৰ্কৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, 'গৰু বিহুৰ দিনা গৰুক পূজা কৰো । আৰু সেইখন ৰাজ্যত গো হত্যা হ'বলৈ দিব নোৱাৰো। এনকাউণ্টাৰ কিয় প্ৰশ্ন পিছত কৰিব। কিন্তু শংকৰ লাচিতৰ দেশত ড্ৰাগছৰ বেপাৰ কিয় হয়, সেই প্ৰশ্ন আগত কৰক। নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আগত লৈ আমি আগবাঢ়িছো আৰু সেই লক্ষ্যত উপনীত হ'মেই।'
Published by:Himangshu Bhuyan
First published: