உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • CM's Gift to Ideal Farmer : সৰ্থেবাৰীৰ আদৰ্শ কৃষক পৰমেশ্বৰ ডেকালৈ উপহাৰ মুখ্যমন্ত্ৰীৰ, ডাকযোগে পঠোৱা টোপোলাত আছে কি

    CM's Gift to Ideal Farmer : সৰ্থেবাৰীৰ আদৰ্শ কৃষক পৰমেশ্বৰ ডেকালৈ উপহাৰ মুখ্যমন্ত্ৰীৰ, ডাকযোগে পঠোৱা টোপোলাত আছে কি

    CM's Gift to Ideal Farmer : ডাকযোগে লাভ কৰা টোপোলাটোৰ ভিতৰত উপহাৰ হিচাপে লাভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুবাদ কৰা এখন গ্ৰন্থ আৰু তেওঁৰেই স্বাক্ষৰিত এখন পত্ৰ।

    • Share this:
    বৰপেটা জিলাৰ সৰ্থেবাৰীৰ কামাৰপাৰৰ উচ্চ শিক্ষিত আদৰ্শ কৃষক পৰমেশ্বৰ ডেকা (Parameswar Deka)লৈ ডাক যোগে উপহাৰ পঠিয়াই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই । ডাকযোগে লাভ কৰা টোপোলাটোৰ ভিতৰত উপহাৰ হিচাপে লাভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুবাদ কৰা এখন গ্ৰন্থ আৰু তেওঁৰেই স্বাক্ষৰিত এখন পত্ৰ।

    মুখ্যমন্ত্ৰীৰ পত্ৰখন পঢ়ি পৰমেশ্বৰ ডেকাই আপ্লুত হৈ পৰে আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । উল্লেখ্য যে কামাৰপাৰাৰ উচ্চ শিক্ষিত আদৰ্শ কৃষক পৰমেশ্বৰ ডেকা আৰু তেখেতৰ উচ্চ শিক্ষিতা পত্নী জয়া বৰগোহাঁইয়ে সৰ্থেবাৰী অঞ্চলৰ লগতে বৰপেটা জিলাত কৃষি বিল্পৱ গঢ়ি তুলিবলৈ সক্ষম হৈছে ।

    ২০১৭ চনত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালে (Sarbananda Sonowal) পৰমেশ্বৰ ডেকাক প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীৰ কৃষক সন্মান বঁটা। ঋতুকালীন বিভিন্ন পাচলি খেতিৰ লগতে বিভিন্ন প্ৰজাতিৰ ধান, সৰিয়হৰ খেতি কৰিও স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে আদৰ্শ কৃষক দম্পতীয়ে । পৰমেশ্বৰ ডেকাই অসমৰ উপৰিও বিভিন্ন ৰাজ্যত কৃষি সম্পৰ্কীয় আলোচনা চক্ৰত অংশগ্ৰহণ কৰি বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে ।
    Published by:Manjumoni Borah
    First published: