• Home
  • »
  • News
  • »
  • assam
  • »
  • তালিকা দীঘলীয়া, ১৫টা মান সমষ্টিত হ'ব পাৰে উপ নিৰ্বাচন! কি ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

তালিকা দীঘলীয়া, ১৫টা মান সমষ্টিত হ'ব পাৰে উপ নিৰ্বাচন! কি ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

৫টা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে অভিলেখ ৰচনা কৰি জয়ী হোৱাৰ পিছত পুনৰ বিৰোধী দলৰ বিধায়ক বিজেপিলৈ অহাৰ চৰ্চা চলিছে ৷

  • Share this:
৫টা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে অভিলেখ ৰচনা কৰি জয়ী হোৱাৰ পিছত পুনৰ বিৰোধী দলৰ বিধায়ক বিজেপিলৈ অহাৰ চৰ্চা চলিছে ৷ পিছে এইবাৰ দীঘলীয়া। প্ৰায় ১৫টা মান সমষ্টিত হ'ব পাৰে উপ নিৰ্বাচন। এইবাৰ এই ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'উপ নিৰ্বাচন পাতিবলগীয়া হ'লে তালিকাখন বহু দীঘলীয়া হ'ব ৷ পোন্ধৰটা মান সমষ্টিত পাতিবলগীয়া হ'ব ৷ কিন্তু নিৰ্বাচন পাতি থাকিলে, মোৰ কাম নহ'ব ৷ ফেব্ৰুৱাৰীত পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ তাৰ মাজতে দুই-তিনিটা সমষ্ঠিত উপ নিৰ্বাচন হ'লে হ'ব আৰু।'

উল্লেখ্য যে, থাওৰা,মৰিয়নি,ভৱানীপুৰ,তামুলপুৰ,গোসাঁইগাঁও এই পাঁচোটা সমষ্টিৰ উপ–নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে জয়লাভ কৰাৰ পিছত পুনৰ চৰ্চাত কংগ্ৰেছী বিধায়কৰ বিজেপি গমন প্ৰসংগ ৷ নাম চৰ্চাত আছে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, দুধনৈৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী, বকোৰ বিধায়িকা নন্দিতা দাস, ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনৰ ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি