உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Himanta Biswa Sarma: কংগ্ৰেছ হাইকামাণ্ড আৰু পঞ্জাৱ চৰকাৰে মিলি প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ পৰিকল্পনা কৰিছিল, বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    Himanta Biswa Sarma: কংগ্ৰেছ হাইকামাণ্ড আৰু পঞ্জাৱ চৰকাৰে মিলি প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ পৰিকল্পনা কৰিছিল, বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    যোৱা বুধবাৰে পঞ্জাৱ (Punjab) ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ কনভয়ৰ সন্মুখত একাংশ আন্দোলনকাৰীয়ে পথ অৱৰোধ কৰিছিল। ফলত প্ৰায় ২০ মিনিট ধৰি মাজবাটতে আৱদ্ধ হৈ পৰিছিল প্ৰধানমন্ত্ৰীগৰাকী ৷

    যোৱা বুধবাৰে পঞ্জাৱ (Punjab) ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ কনভয়ৰ সন্মুখত একাংশ আন্দোলনকাৰীয়ে পথ অৱৰোধ কৰিছিল। ফলত প্ৰায় ২০ মিনিট ধৰি মাজবাটতে আৱদ্ধ হৈ পৰিছিল প্ৰধানমন্ত্ৰীগৰাকী ৷

    যোৱা বুধবাৰে পঞ্জাৱ (Punjab) ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ কনভয়ৰ সন্মুখত একাংশ আন্দোলনকাৰীয়ে পথ অৱৰোধ কৰিছিল। ফলত প্ৰায় ২০ মিনিট ধৰি মাজবাটতে আৱদ্ধ হৈ পৰিছিল প্ৰধানমন্ত্ৰীগৰাকী ৷

    • Share this:
    'প্ৰতিবাদ কৰা লোকসকল কোনো কৃষক বা অইন কোনো লোক নাছিল। তেওঁলোকক সম্পূৰ্ণ ভাৱে পৰিকল্পিত ভাৱে অনা হৈছিল। প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ ভাৱে কোনো ব্যৱস্থা লোৱা নাছিল পঞ্জাৱ চৰকাৰে। পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে কোভিডৰ শংকাত প্ৰধান মন্ত্ৰীক আদৰিব নোযোৱা বুলি মন্তব্য কৰিছে। এনে মন্তব্য সঁচাকৈ ভয়ংকৰ। কংগ্ৰেছৰ হাইকামাণ্ড আৰু পঞ্জাৱ চৰকাৰ মিলি প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ পৰিকল্পনা কৰিছিল। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েই নহয় কংগ্ৰেছ হাইকামাণ্ডো জড়িত আছে।'- বুধবাৰে সংবাদমেল সম্বোধন কৰি এই বিস্ফোৰক অভিযোগ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    উল্লেখ্য যে, যোৱা বুধবাৰে পঞ্জাৱ (Punjab) ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ কনভয়ৰ সন্মুখত একাংশ আন্দোলনকাৰীয়ে পথ অৱৰোধ কৰিছিল। ফলত প্ৰায় ২০ মিনিট ধৰি মাজবাটতে আৱদ্ধ হৈ পৰিছিল প্ৰধানমন্ত্ৰীগৰাকী ৷ অৱশেষত তেওঁ নিজৰ জনসভালৈ  নোযোৱাকৈ ভাটিণ্ডা বিমানবন্দৰ হৈ দিল্লীলৈ উভতি যাবলৈ বাধ্য হৈছিল। আনকি যোৱাৰ সময়ত বিমানবন্দৰত কোনো মতে জীৱন বচাই উভতি আহিলো বুলি মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। এই ঘটনাক লৈ এতিয়াও অব্যাহত আছে ক্ৰিয়া প্ৰতিক্ৰিয়া। তোলপাৰ লাগিছে দেশৰ ৰাজনীতি। বিজেপিয়ে তীব্ৰ ভাষাৰে পঞ্জাৱ চৰকাৰক নিন্দা কৰাৰ বিপৰীতে, বিৰোধীয়ে মন্তব্য কৰিছে যে, জনসভাত মানুহৰ সেৰেঙা উপস্থিতৰ কথা জানিব পাৰি এক নাটক ৰচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে।

    এতিয়া ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেলত লগতে কয় যে,  'ভাৰতীয় জনতা পাৰ্টিয়ে এই ঘটনাৰ ওপৰত সঠিক তদন্তৰ দাবী কৰিছো। ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে এই ঘটনাৰ হিচাপ নিশ্চিত ভাৱে দিব।
    পঞ্জাৱৰ মুখ্যমন্ত্ৰীক এই ঘটনাৰ বাবে গ্ৰেপ্তাৰ কৰিব লাগে। দেশৰ প্ৰধানমন্ত্ৰী এখন ৰাজ্যলৈ আহিব , ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে হত্যাৰ ষড়য়ন্ত্ৰ কৰিব, এয়া কিদৰে হব? প্ৰধানমন্ত্ৰীৰ সুৰক্ষা দায়িত্বত নিৰ্দিষ্ট ৰাজ্যখন থাকিব।'

    ইফালে এই ঘটনা সম্পূৰ্ণ পূৰ্ব পৰিকল্পিত আছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই যে, যোৱা ৫ জানুৱাৰীত এই ঘটনাৰ পৰিকল্পনা কৰা হৈছিল। এটা বিশেষ চেনেলৰ ষ্ট্ৰীং অপাৰেশ্বনত এই কথা প্ৰকাশ পাইছে।'
    Published by:Himangshu Bhuyan
    First published: