• Home
  • »
  • News
  • »
  • assam
  • »
  • ৭.৩০ বজাত মেছেজ কৰা শ্বাহৰুখ খানৰ সৈতে নিশা ২ বজাত কথা পাতিলে মুখ্যমন্ত্ৰীয়ে, ফোনত শ্বাহৰুখক কি ক’লে হিমন্ত বিশ্ব শৰ্মাই?

৭.৩০ বজাত মেছেজ কৰা শ্বাহৰুখ খানৰ সৈতে নিশা ২ বজাত কথা পাতিলে মুখ্যমন্ত্ৰীয়ে, ফোনত শ্বাহৰুখক কি ক’লে হিমন্ত বিশ্ব শৰ্মাই?

ছবিখনৰ বিষয়া অজ্ঞতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘বয়কট কৰা মানুহে বয়সত কৰিব, টিকট কটা মানুহে টিকট কাটিব। এইটোক লৈ কিয় ইমান আলোচনা হৈছে।

ছবিখনৰ বিষয়া অজ্ঞতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘বয়কট কৰা মানুহে বয়সত কৰিব, টিকট কটা মানুহে টিকট কাটিব। এইটোক লৈ কিয় ইমান আলোচনা হৈছে।

ছবিখনৰ বিষয়া অজ্ঞতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘বয়কট কৰা মানুহে বয়সত কৰিব, টিকট কটা মানুহে টিকট কাটিব। এইটোক লৈ কিয় ইমান আলোচনা হৈছে।

  • Share this:
বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ ‘পাঠান’ ছবিখন এতিয়া ট্ৰেণ্ডত। চৌদিশে এতিয়া ‘পাঠান’ক লৈ ব্যাপক চৰ্চা। ঠায়ে ঠায়ে ছবিখনৰ বিৰোধিতাও কৰা হৈছে। কিন্তু অসমত ছবিখন সম্পৰ্কীয় আন এক প্ৰসংগইহে অধিক চৰ্চা লাভ কৰিছে। সেয়া হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘শ্বাহৰুখ খান কোন’ বুলি কোৱা মন্তব্য আৰু নিশা ২ বজাত শ্বাহৰুখ খানে মুখ্যমন্ত্ৰীলৈ কৰা ফোন।

আজি সংবাদমেলত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শ্বাহৰুখ খানৰ লগত কি কথা পাতিলে সেই সন্দৰ্ভত ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মোক ফোন কৰিছে, কৈছে মই শ্বাহৰুখ খান, মই বোলো ঠিক আছে, কথা পাতিছো। মোক কৈছে মোৰ চিনেমাখন গণ্ডগোল হ’ব নালাগে। মই বোলো নাম কি চিনেমাৰ? তেতিয়া তেওঁ মোক নাম কৈছে। মই কৈছো ঠিক আছে।’’

আপোনালোক কিয় পাঠানক লৈ ইমান ব্যস্ত বুলিও সাংবাদিকক প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, এনেকুৱা পাঠান যাব ওলাব, কিয় ইমান ব্যস্ত হৈ আছে? আপোনালোকে এইটোক লৈ যদি ইমান ব্যস্ত হৈ থাকে, বাকী ইমান কাম আছে। এনেকুৱা কত পাঠান আহিছে কত পাঠান যাব, কিহৰ কাৰণে আমি ইমান টেনশ্যন ল’ব লাগে।

শ্বাহৰুখ খানৰ ফোন সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘মোক তেওঁ ৭.৩০ বজাত টেক্সট মেছেজ কৰিছে যে মই আপোনাৰ লগত কথা পাতিব বিচাৰো। মই সময় পোৱা নাই, সেয়ে দুটাত কথা পাতিছো। শ্বাহৰুখ খানে ৭.৩০ মোক টেক্সট মেছেজ কৰিছে, মইতো ৭.৪০ বজাতে তেওঁক ফোনটো কৰিব নোৱাৰো। এটা এটাকৈ লাইন ক্লিয়েৰ কৰি কৰি লাষ্ট তেওঁ আহিছে মই কৰিছো।’’

‘‘মই ছচিয়েল মিডিয়াত দেখিছো বাপৰে, ইমান ইমপ’ৰ্টেণ্ট মানুহ বুলি মই ভবাও নাছিলো। মইতো জীৱনত তেওঁলোকৰ চিনেমাও চোৱা নাই, নাজানোও মই। মইতো ২০০১ৰ পাছত সৰ্বাধিক ৬–৭খন চিনেমা চাইছো। মোৰ ইমান আইডিয়াও নাই। সঁচাকৈ যদি আপোনালোকে মোক সোধে মই মুম্বাইৰ অভিনেতাৰ নাম নাজানো।’’ – ক’লে হিমন্ত বিশ্ব শৰ্মাই।

ছবিখনৰ বিষয়া অজ্ঞতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘বয়কট কৰা মানুহে বয়সত কৰিব, টিকট কটা মানুহে টিকট কাটিব। এইটোক লৈ কিয় ইমান আলোচনা হৈছে। আমাৰ পোষ্টাৰবিলাক নাফালে নেকি, তেতিয়াতো সংবাদমেলত এইটো ইছ্যু নাহে? কাৰোবাৰ পোষ্টাৰ এখন ফাটি যোৱাত কিয় ইমান চিন্তা কৰি আছে? ঘৰৰ মানুহৰ পোষ্টাৰ ফটা কথাটো কেতিয়াও আপোনালোকে আলোচনাত নানে। চিনেমা চোৱা মানুহে চাব, নোচোৱা মানুহে নাচায়।

অৱশ্যে হিমন্ত বিশ্ব শৰ্মাই কয়, আমি অসমত কোনো বেয়া নাম হ’ব নিদিওঁ। পোষ্টাৰ ফলাৰ ছেকচন কি লগাব, কিন্তু কোনোবাই যদি চিনেমা চোৱা মানুহক হাতেৰে ধৰি ৰাখে বা বাধা দিয়ে তেতিয়া একশ্যন হ’ব।

শ্বাহৰুখ খানক চিনি পোৱা–নোপোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, মই শ্বাহৰুখক কিয় চিনি পাব লাগে? অসমৰে কিমান মানুহক মই চিনি নাপাওঁ। মোক ভোট দিয়া কিমান মানুহক মই চিনি নাপাওঁ। মই নিমখ খাই থৈ দিয়া মানুহকে মই চিনি নাপাওঁ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি