• Home
  • »
  • News
  • »
  • assam
  • »
  • নিৰ্বাচনৰ সময়ত ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলো, সন্মুখত হিমালয় থিয় হ’লেও ১ লাখ নিযুক্তি দিম : হিমন্ত বিশ্ব শৰ্মা

নিৰ্বাচনৰ সময়ত ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলো, সন্মুখত হিমালয় থিয় হ’লেও ১ লাখ নিযুক্তি দিম : হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sarma (File Photo)

Himanta Biswa Sarma (File Photo)

২৬ হাজাৰ নিযুক্তিত যদি এটাও খেলিমেলি ওলাই, আমি সিদিনাই চৰকাৰ এৰি দিম বুলিও মন্তব্য কৰে ড০ শৰ্মাই। তেওঁ কয়, ‘‘এই ৰাজ্যত থাকি অসমৰ বিৰোধিতা কৰা দিন উকলি গ’ল। নেতিবাচক চিন্তাৰ এতিয়া স্থান নাই।’’

  • Share this:
আজি গুৱাহাটীৰ খানাপাৰাত ১১,২৩৬গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে ৰাজ্য চৰকাৰে। সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযূষ হাজৰিকা, ৰণজিত দাস, কেশৱ মহন্ত, অতুল বৰাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী–বিধায়ক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদানৰ শুভাৰম্ভ কৰে।

নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘নিৰ্বাচনৰ সময়ত ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলো। প্ৰতিশ্ৰুতি পূৰণৰ জৰিয়তে ৰাজ্যখন বিকশিত কৰি তুলিম। তৃতীয়বাৰৰ বাবে ২৪টা বিভাগৰ ১১,২৩৬ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। আজি কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ বাবে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে প্ৰাৰ্থীসকলে। যেতিয়ালৈ ১ লাখ নিযুক্তি সম্ভৱ নহয় তেতিয়ালৈ এনেকুৱা সভা হৈ থাকিব।’’

মুখ্যমন্ত্ৰীয়ে কয়, ফৰেষ্ট বেটেলিয়নৰ বাবে এটা বেটেলিয়ন গঠন হ’ব। যিসকলে আৰক্ষীত নিয়োগ লাভ কৰা নাই তেওঁলোকে তাতে নিয়োগৰ চেষ্টা কৰক। এতিয়ালৈ ৫শৰো অধিক অনুকম্পামূলক নিযুক্তি প্ৰদান সম্ভৱ হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, চাকৰিৰ এখন ডাঙৰ বজাৰ চলি আছিল। এয়া নিকা আৰু স্বচ্চ কৰিবলৈ যাওঁতে বহু বাধা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো। টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত দলৰ ভিতৰত–বাহিৰত বাধাৰ সন্মুখীন হৈছিলো। আজি মুখ্যমন্ত্ৰী অথবা শিক্ষামন্ত্ৰী থাকক নাথকক, কিন্তু নিকা ব্যৱস্থাৰ মাজেৰে নিয়োগৰ ধাৰা আৰম্ভ হৈছে। মা গংগাৰ দৰে নিকা আৰু স্বচ্ছ হ’ব লাগিব আৰক্ষী নিযুক্তি প্ৰক্ৰিয়া। শেহতীয়া ২ নিযুক্তি নিকা–স্বচ্ছ হৈছে। ইয়াত আৰু কোনেও কলংক সানিব নোৱাৰে। লোকসেৱা আয়োগত চাকৰি লাভৰ বাবে ধনৰ লেনদেন নচলে।

২৬ হাজাৰ নিযুক্তিত যদি এটাও খেলিমেলি ওলাই, আমি সিদিনাই চৰকাৰ এৰি দিম বুলিও মন্তব্য কৰে ড০ শৰ্মাই। তেওঁ কয়, ‘‘এই ৰাজ্যত থাকি অসমৰ বিৰোধিতা কৰা দিন উকলি গ’ল। নেতিবাচক চিন্তাৰ এতিয়া স্থান নাই।’’

নিয়োগ লাভ কৰা প্ৰাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ আহ্বান – প্ৰথম লাভ কৰা দৰমহাৰে মা–দেউতাক উপহাৰ, দ্বিতীয়তে গাঁৱৰ নামঘৰত বৰঙণি আৰু তৃতীয় মাহত নিজ বিদ্যালয়খনত এটা সহায় কৰক।

লগতে নিয়োগ লাভ কৰা প্ৰাৰ্থীৰ যদি কাৰোবাৰ ঘৰত অৰুণোদয় আঁচনি লাভ কৰি আছে, আজিয়ে কৰ্তন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। নতুনকৈ নিযুক্তি পোৱা আৰক্ষীসকলক মুখ্যমন্ত্ৰীয়ে কয়, ‘‘দুখীয়া মানুহক অত্যাচাৰ কৰাৰ বাবে আৰক্ষীৰ পোছাক পিন্ধা নাই। মাৰ্চিডিজ চালকক হুইচেল আৰু ৰিক্সাচালক–ঠেলাচালকক লাঠি, এনে কাৰ্য ত্যাগ কৰক। ডাঙৰ অফিচাৰে এনে বাণী পাহৰি যায়, কিন্তু পাহৰিলে নহ’ব।’’

‘‘আমাৰ কাৰ্যকালত ৪০ হাজাৰ নতুন বিদ্যালয় স্থাপন হৈছে। ২ লাখ নিয়োগ সম্ভৱ হৈছে। চাহ বাগিচা অঞ্চলত ১শ খন নতুন বিদ্যালয় হ’ব। দেশৰ ৰাষ্ট্ৰপতিয়ে শুভ উদ্ভোধন কৰিব এই বিদ্যালয়ৰ।’’ – ক’লে মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে কয়, আৰু ১০ হাজাৰ চাকৰিৰ বিজ্ঞাপন অচিৰেই মুকলি হ’ব। অক্টোবৰৰ ৮ তাৰিখে এই বিষয়ত আলোচনা হ’ব। হিমালয়ো যদি সন্মুখত থিয় হয়, তথাপি আমি ১ লাখ নিযুক্তি দিবলৈ সাজু বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। অসমৰ অশ্বমেধ যাত্ৰা চলি থাকিব। অসম ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হ’ব।
Published by:Sanjay Kumar Das
First published: