শিক্ষক নিযুক্তিক লৈ আজি গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)। শিক্ষক নিযুক্তিত ব্যাপক পৰিৱৰ্তন অনাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
সংবাদমেলযোগে মুখ্যমন্ত্ৰীয়ে কয়, ‘‘শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন খুজিব খুজিছো এতিয়াৰে পৰা। টেট লাগিবই। কিন্তু বি এড আৰু হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ নম্বৰত বহু তাৰতম্য হোৱা দেখা পাইছো। কিছুমানে হায়াৰ ছেকেণ্ডাৰীত ফলাফল ভাল নোহোৱাত পিছত অপেন স্কুলত নাম লগাই মাৰ্কশ্বীট ভাল কৰে। ফলত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত মেধাসম্পন্ন প্ৰাৰ্থীসমূহক দিয়াত এটা বাধা আহে।’’
মুখ্যমন্ত্ৰীয়ে কয় পশ্চিম বংগ, ‘‘বিহাৰ, ঝাৰখণ্ডৰ পৰা যিসকলে বিএড পাছ কৰি আহে, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়তকৈ তেওঁলোকে বহু বেছি নম্বৰ লৈ আহে। ৯৮–৯৯ শতাংশ নম্বৰ লৈ আহে। আমি চেক কৰি চাইছো। সেয়েহে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আৰু এটা লিখিত পৰীক্ষা পতা হ’ব। টেট পাছ কৰিলেও নিযুক্তি পৰীক্ষা দিব লাগিব।’’
ইফালে, প্ৰতিবন্ধীৰ নিযুক্তিৰ ক্ষেত্ৰত গণ্ডগোল কৰা সকলক গ্ৰেপ্তাৰ কৰা হ’ব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকো গ্ৰেপ্তাৰ হ’ব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাত যিসকল অনুত্তীৰ্ণ হৈছে তেওঁলোকে জুলাইত মাচুল ঘূৰাই পাব বুলিও উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, আমি দিয়া প্ৰতিশ্ৰুতি আমাক মনত পেলাই দিব নালাগে। আমি দিয়া প্ৰতিশ্ৰুতি পালন কৰিম।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 23, 2023, 14:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।