• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma : অসম সচিবালয়ত কৰ্মচাৰীৰ ডিজিটেল জ্ঞান বাধ্যতামূলক! ডিজিটেল জ্ঞান নথকা কৰ্মচাৰীক কি ক'লে মুখ্যমন্ত্ৰীয়ে?

CM Himanta Biswa Sarma : অসম সচিবালয়ত কৰ্মচাৰীৰ ডিজিটেল জ্ঞান বাধ্যতামূলক! ডিজিটেল জ্ঞান নথকা কৰ্মচাৰীক কি ক'লে মুখ্যমন্ত্ৰীয়ে?

১০ বছৰত APSC ত নিযোগ লাভ কৰা বিষয়াতকৈ বহু ওপৰত জনতাভৱনৰ কৰ্মচাৰী ৷

১০ বছৰত APSC ত নিযোগ লাভ কৰা বিষয়াতকৈ বহু ওপৰত জনতাভৱনৰ কৰ্মচাৰী ৷

১০ বছৰত APSC ত নিযোগ লাভ কৰা বিষয়াতকৈ বহু ওপৰত জনতাভৱনৰ কৰ্মচাৰী ৷

  • Share this:
জনতা ভৱনৰ ৰাজহুৱা সভাত কৰ্মচাৰীক সন্মুখত লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট আহ্বান ৷ কম্পিউটাৰ জ্ঞানশূন্য কৰ্মচাৰীয়ে ঘৰতে খাই–বহি লাভ কৰিব চৰকাৰী দা–দৰমহা৷ ২ অক্টোবৰৰ পৰা অসম সচিবালয়ৰ সকলো ফাইল অনলাইনযোগে উপলব্ধ হ'ব ৷ দূৰ দূৰণিৰ লোকে ঘৰত বহিয়ে লাভ কৰিব ফাইলৰ ষ্টেটাছ ৷

সেয়ে প্ৰতিগৰাকী কৰ্মচাৰীৰ ডিজিটেল জ্ঞান বাধ্যতামূলক ৷ সমান্তৰালকৈ সচিবালয়ৰ কৰ্মচাৰীৰ ওপৰত বিশ্বাস মুখ্যমন্ত্ৰীৰ ৷ দুৰ্নীতি, অশুভ পৰম্পৰাৰে বিগত ১০ বছৰত APSCত নিয়োগ লাভ কৰা বিষয়াতকৈ বহু ওপৰত জনতা ভৱনৰ কৰ্মচাৰী ৷ উৎকৃষ্ট কামৰ পৰিচয় দিয়া সচিবালৰ কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ ঘোষণা–

১৷ দিনটোত তিনিবাৰ চাহ যোগান ধৰিব কৰ্মচাৰীক, ২৷ দুপৰীয়া খোৱাৰ বাবে দিব বিশেষ খাদ্য, ৩৷ কাৰ্যালয়লৈ অহা–যোৱাৰ বাবদ কৰ্মচাৰীৰ থাকিব বিশেষ বিনামূলীয়া বাহন, ৪৷ সচিবালয় কৰ্মচাৰীৰ কণ কণ শিশুৰ বাবে জনতা ভৱনত ওলমা ঘৰ !

প্ৰথমবাৰৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসত লোক কল্যাণ দিৱস অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰে প্ৰদান কৰে দুটা পৰ্যায়ৰ বঁটা ৷ ৰাজ্যিক পৰ্যায়ত ১০গৰাকী আৰু জিলা পৰ্যায়ৰ মুঠ ৮৯গৰাকী কৰ্মচাৰীলৈ বঁটা চৰকাৰৰ ৷ বঁটা লাভ কৰি নতুন কৰ্মদ্যোমেৰে কাম কৰাৰ আশ্বাস কৰ্মচাৰীৰ ৷ উল্লেখ্য যে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিনত অনুষ্ঠিত লোক কল্যাণ দিৱসৰ দিনটোত পুৱাই গোপীনাথ বৰদলৈৰ সমাধিত শ্ৰদ্ধা জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
Published by:Gautam Barman
First published: