মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma) আকৌ এবাৰ টাৰ্গেট কৰিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma) আকৌ এবাৰ টাৰ্গেট কৰিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ টাৰ্গেট কৰিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক। কয়লা ছিণ্ডিকেটৰ সন্দৰ্ভত অখিল গগৈয়ে ৰাজ্য চৰকাৰক কৰা প্ৰশ্নৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma)। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'তেওঁ থকা দুনীয়াত আমি নাথাকো। মেঘালয়ত উৎপাদন হোৱা কয়লা ট্ৰাক আমাৰ চৰকাৰে পৰীক্ষা কৰি থাকিলে বাকী ৰাজ্য সমূহে আমাক বেয়া পায়।অসমত কয়লা উৎপাদন হোৱা স্থানক লৈ কিবা আপত্তি ৰাইজে দৰ্শালে ব্যৱস্থা ল'ব চৰকাৰে।"
ইফালে আগন্তুক অসম বিধানসভা অধিৱেশনৰ প্ৰস্তুতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, '৩-৪ খন বিধেয়ক উত্থাপন হ'ব। নতুন বছৰত ১ লাখ চাকৰি প্ৰদানৰ পথ প্ৰশস্ত হ'ব। আৰক্ষীৰ আইন সংশোধন হ'ব।গো-সুৰক্ষা আইনৰ সংশোধন হ'ব আগন্তুক বিধানসভা অধিৱেশনত।
চোৰাংকৈ গৰু সৰবৰাহ কৰা বাহন জব্দ হ'লে এতিয়াৰে পৰা বাহনখন বিক্ৰী কৰিব পাৰিব।'
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
"
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|