• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma's Cabinet Meeting: অসম আৰক্ষীক শক্তিশালী কৰিবলৈ গঠন কৰা হ'ব 'পুলিচ কমিশ্যন', লগতে আন বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত

CM Himanta Biswa Sarma's Cabinet Meeting: অসম আৰক্ষীক শক্তিশালী কৰিবলৈ গঠন কৰা হ'ব 'পুলিচ কমিশ্যন', লগতে আন বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কেবিনেটৰ সিদ্ধান্ত অনুসৰি, অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পদক পোৱা সকলক গ্ৰেড ৱান পদত নিযুক্তি দিয়া হ'ব।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি, অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পদক পোৱা সকলক গ্ৰেড ৱান পদত নিযুক্তি দিয়া হ'ব।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি, অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পদক পোৱা সকলক গ্ৰেড ৱান পদত নিযুক্তি দিয়া হ'ব।

  • Share this:
বুধবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ সাপ্তাহিক বৈঠক। আজিৰ বৈঠকতো বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ সিদ্ধান্ত অনুসৰি, অসমৰ আৰক্ষী ব্যৱস্থা শক্তিশালী কৰাৰ বাবে পুলিচ কমিশ্যন গঠন কৰাৰ সিদ্ধান্ত ৷ অৱসৰ প্ৰাপ্ত IAS হিমাংশু শেষৰ দাস আৰু অৱসৰপ্ৰাপ্ত IPS পিভি সুমন্তক লৈ গঠন কৰা হব কমিশ্যন।দুয়োজনকে মুখ্য সচিব পৰ্যায়ৰ মৰ্যাদা দিয়া হৈছে ৷ তিনি মাহৰ বাবে থাকিব কমিশ্যন।

অন্যান্য সিদ্ধান্ত সমূহঃ

  • ৫টা নতুন বেটেলিয়ন গঠন কৰা হ'ব। ৫টা বেটেলিয়নত ৬২৭০জনক নিযুক্তি দিয়া হ'ব।

  • প্ৰিণ্টিং, ষ্টেচনাৰী বিভাগক জনসংযোগ বিভাগৰ সৈতে চামিলকৰণ কৰাৰ সিদ্ধান্ত ৷ বিভাগটোৰ নতুন নামকৰণ কৰা হৈছে 'Information, Public Relation printing and stationery'।

  • public enterprises বিভাগক উদ্যোগ বিভাগৰ সৈতে চামিলকৰণ কৰাৰ সিদ্ধান্ত।

  • পাছপৰ্ট বিভাগটো গৃহবিভাগৰ সৈতে চামিল।

  • ক্ৰীড়া পেন্সন ৮,০০০ টকাৰ পৰা দহ হাজাৰ লৈ বৃদ্ধি। অভিৰুছি দিৱসত পদক প্ৰাপ্তসকলক পেন্সন দিয়া হ'ব ৷ সৰ্বমুঠ ২৫০জনে পাব।

  • অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পদক পোৱা সকলক গ্ৰেড ৱান পদত নিযুক্তি দিয়া হ'ব।

  • নতুন স্বায়ত্ত্ব শাসিত পৰিষদত দৰমহা দিয়াৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত।

Published by:Himangshu Bhuyan
First published: