মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বন বিভাগত এইবোৰ কি চলিছে? মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা কৰি দিলে কঠোৰ নিৰ্দেশনা

বন বিভাগত এইবোৰ কি চলিছে? মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা কৰি দিলে কঠোৰ নিৰ্দেশনা

News18 Assam | News18-Assam
Updated:July 7, 2021, 1:00 PM IST
বন বিভাগত এইবোৰ কি চলিছে? মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা কৰি দিলে কঠোৰ নিৰ্দেশনা
বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত বন বিভাগক মুখ্যমন্ত্ৰীয়ে পাঁচটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে।

বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত বন বিভাগক মুখ্যমন্ত্ৰীয়ে পাঁচটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে।

  • Share this:
মঙলবাৰে বন বিভাগৰ সৈতে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ নিৰ্দেশনা জাৰি কৰে৷ পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত বন বিভাগক মুখ্যমন্ত্ৰীয়ে পাঁচটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে।

১) ৰাজ্যখনৰ মূল্যৱান বনাঞ্চল ৰক্ষা আৰু বন্যপ্ৰাণী সুৰক্ষাৰ লগতে বিভাগটোৰ প্ৰতিচ্ছবি পুনৰুদ্ধাৰ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীয়ে বন বিভাগত সংস্কাৰৰ বাবে তাৎক্ষণিক পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে।

২) মুখ্যমন্ত্ৰীয়ে ৰেঞ্জাৰৰ পৰা মাণ্ডলিক বন বিষয়া পৰ্যায়লৈ বন বিষয়াসকলৰ ৰদবদল কৰিবলৈ তৎক্ষণাৎ এখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

৩) ৰাজহ উৎপাদন বৃদ্ধি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আন ৰাজ্যৰ পৰা বন সামগ্ৰী কঢ়িয়াই অনা বাহনসমূহৰ ক্ষেত্ৰত যথাযথ চৰকাৰী প্ৰক্ৰিয়া অনুসৰি সুচল যাতায়াতৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

৪) মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ভিতৰত আহৰণ কৰা বন সম্পদৰ পৰা বনজ ৰয়েল্টী সংগ্ৰহৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'বলৈও নিৰ্দেশ দিয়ে।

৫) বন সম্পদৰ অবৈধ কাৰ্যকলাপ আৰু বনভূমি বেদখল চিনাক্তকৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে ড্ৰ’ন প্ৰযুক্তিৰ দ্বাৰা বনাঞ্চলৰ নিয়মীয়া নিৰীক্ষণ কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে।
Published by: Sanjay Kumar Das
First published: July 7, 2021, 1:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি