পেট্ৰ’ল–ডিজেলৰ মূল্য মূল্যবৃদ্ধিৰ ক্ষেত্ৰত ভাৰত চৰকাৰে চিন্তা চৰ্চা কৰি আছে বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
পেট্ৰ’ল–ডিজেলৰ মূল্য মূল্যবৃদ্ধিৰ ক্ষেত্ৰত ভাৰত চৰকাৰে চিন্তা চৰ্চা কৰি আছে বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আজি বিজেপিৰ ৪২সংখ্যক প্ৰতিষ্ঠা দিৱস। সমগ্ৰ ভাৰতৰ প্ৰতিটো বুথতে পালন কৰা হৈছে প্ৰতিষ্ঠা দিৱস। অসমতো পালন কৰা হৈছে প্ৰতিষ্ঠা দিৱস। বিজেপিৰ প্ৰতিষ্ঠা দিৱসত আত্ম বলিদান দিয়া সকলোকে স্মৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতক বৈভৱশালী কৰিবলৈ কাম কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
পেট্ৰ’ল–ডিজেলৰ মূল্য মূল্যবৃদ্ধিৰ ক্ষেত্ৰত ভাৰত চৰকাৰে চিন্তা চৰ্চা কৰি আছে বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ড০ শৰ্মাই কয়, ‘‘ভাৰত চৰকাৰৰ সৈতে মিলিহে সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে অকলশৰীয়াকৈ লোৱা সিদ্ধান্তই জনসাধাৰণক সকাহ নিদিব।’’
ইফালে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এআইইউডিএফৰ সৈতে মিত্ৰতা কৰি পাপ কৰা বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আজি পাপ কৰা বুলি কৈছে, লোকসভাত আকৌ হাত মিলাব কংগ্ৰেছে। কি ৰাস্তাত গৈ আছে, কি ভৱিষ্যৎ দেখিছে কংগ্ৰেছে বুজা নাই।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|