মুখ্যপৃষ্ঠা » খবৰ

» অসম

»পৰেশ বৰুৱাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

পৰেশ বৰুৱাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:September 21, 2021, 1:13 PM IST
পৰেশ বৰুৱাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পৰেশ বৰুৱাই বিচাৰিলে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সৈতে আলোচনাৰ প্ৰসংগত টেলিফোনত কথা পাতিব পাৰিব৷ 

পৰেশ বৰুৱাই বিচাৰিলে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সৈতে আলোচনাৰ প্ৰসংগত টেলিফোনত কথা পাতিব পাৰিব৷ 

  • News18 Assam
  • Last Updated: September 21, 2021, 1:13 PM IST
  • Share this:
তৃতীয় পক্ষৰ জৰিয়তে নহয়, এইবাৰ পোনপটীয়াকৈ ULFA-Iৰ সভাপতি তথা মুখ্য সেনাপ্ৰধান পৰেশ বৰুৱাৰ সৈতে কথা পাতিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ পৰেশ বৰুৱাই বিচাৰিলে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সৈতে আলোচনাৰ প্ৰসংগত টেলিফোনত কথা পাতিব পাৰিব৷

মঙলবাৰে গুৱাহাটীত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক'লে- “যোৱা কালি কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত মই তেওঁৰ পৰা পৰেশ বৰুৱাৰ সৈতে কথা পতাৰ অনুমতি বিচাৰিছিলো৷ অমিত শ্বাহে মোক আলোচনা আগবঢ়াই নিয়াৰ বাবে টেলিফোনত পৰেশ বৰুৱাৰ সৈতে কথা পতাৰ অনুমতি দিছে৷ পৰেশ বৰুৱাই বিচাৰিলে আলোচনাৰ প্ৰসংগত মোৰ সৈতে পোনপটীয়াকৈ টেলিফোনত কথা পাতিব পাৰিব৷”

ULFA-Iৰ সৈতে আলোচনাৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ক'লে- “অনানুষ্ঠানিকভাৱে পৰেশ বৰুৱাৰ সৈতে আমাৰ আলোচনা চলি আছে৷ এই আলোচনা তৃতীয় পক্ষৰ জৰিয়তেহে চলি আছে৷ আলোচনাই গতি লাভ কৰিবলৈ হ'লে আনুষ্ঠানিকভাৱে আৰু পোনপটীয়াকৈ আৰম্ভ হ'ব লাগিব৷ সেয়ে আমি পোনপটীয়াকৈ কথা-বতৰা আৰম্ভ কৰাৰ বাবে আগবাঢ়িছো৷ সময় নিশ্চয় লাগিব৷ পৰেশ বৰুৱায়ো এইক্ষেত্ৰত সঁহাৰি জনাব লাগিব৷”
Published by: Sanjay Kumar Das
First published: September 21, 2021, 11:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি