உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • গুৱাহাটীত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে – লক্ষ্মী আহিছে...

    গুৱাহাটীত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে – লক্ষ্মী আহিছে...

    মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে, আজি ৪০জন মানুহ আহিছে, এই সময়ত কোনো হোটেলৰ ৰুম বুক নাই, সবতে খালী আছে। এতিয়া বানপানীৰ সময়তো যে অসমত মানুহ আহিব পাৰে, থাকিব পাৰে, ইয়াত ব্যৱসায় চলি থাকিব পাৰে, এইটো এটা পজিটিভ কথা।

    মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে, আজি ৪০জন মানুহ আহিছে, এই সময়ত কোনো হোটেলৰ ৰুম বুক নাই, সবতে খালী আছে। এতিয়া বানপানীৰ সময়তো যে অসমত মানুহ আহিব পাৰে, থাকিব পাৰে, ইয়াত ব্যৱসায় চলি থাকিব পাৰে, এইটো এটা পজিটিভ কথা।

    মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে, আজি ৪০জন মানুহ আহিছে, এই সময়ত কোনো হোটেলৰ ৰুম বুক নাই, সবতে খালী আছে। এতিয়া বানপানীৰ সময়তো যে অসমত মানুহ আহিব পাৰে, থাকিব পাৰে, ইয়াত ব্যৱসায় চলি থাকিব পাৰে, এইটো এটা পজিটিভ কথা।

    • Share this:
    মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটী। গুৱাহাটীত বাহৰ পাতিছে মহাৰাষ্ট্ৰৰ ৪০জনকৈ বিসম্বাদী বিধায়কে। শিৱসেনাৰ ৪০ বিধায়কে বাহৰ পাতিছে হোটেল ৰেডিচন ব্লুত। মন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত গুৱাহাটীলৈ আহিছে বিসম্বাদী বিধায়কৰ এই দলটো। যাক লৈ এতিয়া থৰক–বৰক হৈ পৰিছে থাকৰে চৰকাৰ।

    ইফালে, বিসম্বাদৰ নেতৃত্ব দিয়া একনাথ সিন্দেই দাবী কৰিছে, তেওঁৰ সৈতে শিৱসেনাৰ ৪০ জন বিধায়কৰ লগতে ৬জন নিৰ্দলীয় বিধায়কৰো সমৰ্থন আছে। পৰোক্ষভাৱে তেওঁ বুজাই দিছে যে মহাৰাষ্ট্ৰৰ চৰকাৰ ধৰি ৰখাৰ চাবিকাঠি তেওঁৰ হাতত আছে। অৱশ্যে শিৱসেনাৰ নেতাগৰাকীয়ে দাবী কৰিছে যে তেওঁ শিৱসেনা ত্যাগ নকৰে।

    এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচৰাত প্ৰকাৰন্তৰে বিষয়টোৰ পৰা আঁতৰি থাকিল মুখ্যমন্ত্ৰীগৰাকী। সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে ক’লে,  ‘‘আমাৰ গুৱাহাটীত ভাল ভাল হোটেল আছে। গতিকে গুৱাহাটীত সকলো আহিব লাগে যাতে গুৱাহাটীত ব্যৱসায় বাঢ়ে। এজন মানুহ হোটেলত থকা মানে আমি জিএছটি পাম, আমাৰ উপাৰ্জন হ’ব। গতিকে দেশৰ লগতি বিদেশৰো পলিটিকেল এপিচেণ্টাৰ যদি গুৱাহাটীত হয়, মই ভাল পাওঁ। এই সময়তে পইচা লাগে ৰাজ্য চৰকাৰক। এই সময়তে যদি হোটেলৰ ৰুমবোৰ ফুল হয়, আমি টেক্স পাম। গতিকে এই সময়ত যদি অসমখন খালী হৈ থাকে, আমি কেনেকে বানপানীৰ লগত জোৰা–টাপলি মাৰিব পাৰিম।’’

    ‘‘এই সময়ত ৰাজ্য বানপানীত ডুবি আছে। আমি আৰ্থিকভাৱে কষ্টত আছো। এই সময়ত গোটেই ভাৰতৰ পৰ্যটকবোৰ আহি যদি অসমৰ হোটেলত থাকে, তাৰ পৰা আমাৰ উপাৰ্জন হ’ব। গতিকে লক্ষী যদি আহে, লক্ষীক খেদি দিব নেকি? যি ৰাজ্যই লক্ষীক না বুলি কয়, সেই ৰাজ্যই উন্নতি কৰিব নোৱাৰে।’’ – মন্তব্য মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ।

    মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে, আজি ৪০জন মানুহ আহিছে, এই সময়ত কোনো হোটেলৰ ৰুম বুক নাই, সবতে খালী আছে। বানপানী বুলি নাহে। এতিয়া বানপানীৰ সময়তো যে অসমত মানুহ আহিব পাৰে, থাকিব পাৰে, ইয়াত ব্যৱসায় চলি থাকিব পাৰে, এইটো এটা পজিটিভ কথা। ইয়াত বেয়া পাবলগীয়া কি আছে? এই মুহূৰ্তলৈকে মই সেইটো বিষয়ে কোনো খবৰ লোৱা নাই।
    Published by:Sanjay Kumar Das
    First published: