
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিধায়ক কাৰোবাৰ পিঠিত উঠি গলে নহ'ব । বিধায়কেও নিজৰ পিঠিত কাৰোবাক উঠাই নিব লাগিব আৰু ইয়াৰ বাবে সাজু থাকিব লাগিব ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিধায়ক কাৰোবাৰ পিঠিত উঠি গলে নহ'ব । বিধায়কেও নিজৰ পিঠিত কাৰোবাক উঠাই নিব লাগিব আৰু ইয়াৰ বাবে সাজু থাকিব লাগিব ।
লামডিং বিধানসভা সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই বোকোচাত উঠি বান পৰিস্থিতিৰ বুজ লবলৈ যোৱাৰ ভিডিঅ' চছিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছত বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বান বিধ্বস্ত এটা অঞ্চললৈ গৈ নাৱত উঠিবলৈ যাওতে পানীত বুৰ গৈ থকা এটা পথত এজন লোকৰ বোকোচাত উঠি যোৱাৰ দৃশ্য বন্দী হৈছিল কেমেৰাত। পিছত এই ভিডিঅ' চছিয়েল মিডিয়াত প্ৰচাৰ হোৱাত বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ ধৰে ।
অৱশেষত সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মায়ো জনপ্ৰতিনিধিগৰাকীৰ এই কাণ্ডত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিধায়ক কাৰোবাৰ পিঠিত উঠি গলে নহ'ব । বিধায়কেও নিজৰ পিঠিত কাৰোবাক উঠাই নিব লাগিব আৰু ইয়াৰ বাবে সাজু থাকিব লাগিব । এই মন্তব্যৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিপদৰ সময়ত আৰ্তজনৰ কাষত থিয় দিবলৈ জনপ্ৰতিনিধিসকললৈ যেন বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|