• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma : ''মুখ্যমন্ত্ৰীয়ে যদি কাজিৰঙাত সোমাব নোৱাৰে, তেন্তে কাজিৰঙাত কি চলি আছে কেনেকৈ গম পাব?''- নৈশ চাফাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

CM Himanta Biswa Sarma : ''মুখ্যমন্ত্ৰীয়ে যদি কাজিৰঙাত সোমাব নোৱাৰে, তেন্তে কাজিৰঙাত কি চলি আছে কেনেকৈ গম পাব?''- নৈশ চাফাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

File Photo

File Photo

''অসমত ঋণাত্মক চিন্তাৰ মানুহক ৰাইজে ৯৯ শতাংশ বিদায় দিছে, বাকী ১ শতাংশৰো বিদায় হ'ব।''

  • Share this:
কাজিৰঙাৰ বৰগছত চিন্তন শিবিৰৰ সমাপ্তিৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত চিন্তন শিবিৰৰ সুফল সন্দৰ্ভত মন্তব্য কৰাৰ লগতে সদগুৰুৰ সৈতে কাজিৰঙাত নৈশ ভ্ৰমণক লৈ মন্তব্য প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে কয়– ''অসমত কিছুমান ব্যক্তি আছে, যিসকলে বিতৰ্ক কৰি ভাল পায়। অসমৰ মুখ্যমন্ত্ৰীয়ে যদি কাজিৰঙাত সোমাব নোৱাৰে তেন্তে কাজিৰঙাত কি চলি আছে মুখ্যমন্ত্ৰীজনে কেনেকৈ গম পাব? কোনখন আইনৰ অধীনত মুখ্যমন্ত্ৰী যাব নোৱাৰে সেই আইনখনটো মই দেখা পোৱা নাই।''

মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে– ''আমি এজন অতিথিক মাতি আনিছোঁ, অতিথিজনে নাইট ছাফাৰীত গ'ল নেকি, তেখেতে আমাক বহুমূলীয়া সময় দিলে, অসমীয়া জাতিয়ে ধন্য হৈ তেখেতক ধন্যবাদ জনাব লাগে। কিন্তু গোটেই কথাখিনি অকল কাজিৰঙালৈ কেন্দ্ৰীভূত কৰা হ'ল।''

মুখ্যমন্ত্ৰীয়ে কয় যে সদগুৰুৰ অসম ভ্ৰমণৰ ঘটনাক্ৰম অকল কাজিৰঙা ভ্ৰমণলৈ কেন্দ্ৰীভূত কৰাটো ঋণাত্মক চিন্তাৰ পৰিচায়ক বুলি উল্লেখ কৰে। তেওঁ কয়– ''চিন্তন শিবিৰলৈ আহি আধ্যাত্মিক জ্ঞান প্ৰদান কৰা সদগুৰুৱে অসমলৈ এটা আশা লৈ আহিছিল, এতিয়া থানাত এজাহাৰ দিয়া কথাটোৱে গোটেই বিষয়টোকে নিগেটিভ লাইনলৈ লৈ গ'ল। সদগুৰুক ভালপোৱা দেশত কিমান মানুহ আছে, এতিয়া তেওঁলোকৰ অসমীয়া জাতি সন্দৰ্ভত কি ধাৰণা হ'ল। তেওঁলোকেতো ক'ব যে সদগুৰুক অসমলৈ মাতিও লৈ গ'ল আৰু গালি–গালাজো পাৰিলে।''

মুখ্যমন্ত্ৰীয়ে কয়– ''অসমত ঋণাত্মক চিন্তাৰ মানুহক ৰাইজে ৯৯ শতাংশ বিদায় দিছে, বাকী ১ শতাংশৰো বিদায় হ'ব।''

উল্লেখ্য, মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰকে ধৰি বাহিৰৰ দেশত অভয়াৰণ্যলৈ যোৱাটোৱে ফেশ্বন বুলি প্ৰকাশ কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি