মুখ্যপৃষ্ঠা »খবৰ »অসম »Jonmani Rabha Death Case : সাৰি নাযাব কোনো, দোষী হ’লে লীনা দলেও গ্ৰেপ্তাৰ হ’ব – জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ

Jonmani Rabha Death Case : সাৰি নাযাব কোনো, দোষী হ’লে লীনা দলেও গ্ৰেপ্তাৰ হ’ব – জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ

আজি এক সংবাদমেলত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘জোনমণি ৰাভাৰ গোচৰ CBIলৈ দিলো৷ CBI–এ গোচৰটোৰ তদন্ত আৰম্ভ কৰিলে যাকেই দোষী পায় সিয়ে শাস্তি পাব৷’’

আজি এক সংবাদমেলত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘জোনমণি ৰাভাৰ গোচৰ CBIলৈ দিলো৷ CBI–এ গোচৰটোৰ তদন্ত আৰম্ভ কৰিলে যাকেই দোষী পায় সিয়ে শাস্তি পাব৷’’

আজি এক সংবাদমেলত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘জোনমণি ৰাভাৰ গোচৰ CBIলৈ দিলো৷ CBI–এ গোচৰটোৰ তদন্ত আৰম্ভ কৰিলে যাকেই দোষী পায় সিয়ে শাস্তি পাব৷’’

  • Share this:
জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আজি এক সংবাদমেলত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘জোনমণি ৰাভাৰ গোচৰ CBIলৈ দিলো৷ CBI–এ গোচৰটোৰ তদন্ত আৰম্ভ কৰিলে যাকেই দোষী পায় সিয়ে শাস্তি পাব৷’’

লীনা দলে দোষী হ’লে গ্ৰেপ্তাৰ হ’ব বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। ইফালে, নকল সোণৰ বেহা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে নকল সোণৰ বিষয়টো লুভীয়াৰ বিষয়৷ নাও, সোণ কোনে কিনিব আহে? ক'লা ধনেৰে কিনিব আহে। এইবোৰ ঘটনা অপৰাধীৰ৷ আমি অপৰাধ মষিমূৰ কৰিম৷

উল্লেখযোগ্য যে লীনা দলেক ইতিমধ্যে হাইলাকান্দিলৈ বদলি কৰা হৈছে। লীনা দলেৰ স্থানত নৱনীত মহন্তক নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব প্ৰদান কৰা হৈছে। লগতে লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব প্ৰদান কৰা হৈছে আইপিএছ বিষয়া আনন্দ মিশ্ৰক।

আৰু পঢ়ক : ডাঙৰ খবৰ! শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা হ’ব বিশেষ পৰীক্ষা

আনহাতে, বিহাৰত অসমৰ যুৱকক নিৰ্মমভাৱে হত্যা কৰা ঘটনা সন্দৰ্ভত ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, বিহাৰত কংগ্ৰেছৰ চৰকাৰ চলি আছে৷ অসমৰ এজন ল’ৰাক অতি নৃশংসভাৱে হত্যা কৰিলে তাত। অসম কংগ্ৰেছে তালৈ গৈ ন্যায় দিয়াৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰক। মই বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰলৈ চিঠি লিখিম৷

ইফালে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনোৱা সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয়, দিল্লীৰ মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণলৈ মই ৰৈ আছো৷ এতিয়াও অহা নাই।

আজিৰ সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে ২৫ মে’ত ৪৫ হাজাৰ পদত নিযুক্তি দিয়াৰ কথাও সদৰি কৰে। ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘২৫ মে’ৰ দিনৰ ৩ বজাত নিযুক্তিৰ সমাৰোহ আয়োজন কৰিছোঁ। ৪৫ হাজাৰ নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে৷ কিন্তু দিব্যাংগ সকলৰ স্বাস্থ্যৰ পৰীক্ষা পাছ নোহোৱাত ফলাফল Withheld কৰি ৰখা হৈছে৷ তাৰ পৰিপ্ৰেক্ষিতত নিযুক্তি পোৱা ব্যক্তিৰ সংখ্যা হ’বগৈ ৪৪,৭০৩গৰাকী।’’

আৰু পঢ়ক : UPSCৰ শীৰ্ষত ঈশিতা কিশোৰ, পঞ্চম স্থানত অসমৰ ময়ূৰ হাজৰিকা

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ইয়াৰ ভিতৰত তৃতীয় শ্ৰেণীত ১১,০৪৮গৰাকী, চতুৰ্থ বৰ্গত ১৩৭৩৯ গৰাকী, অসম আৰক্ষীত ১২৭৯জন, অসম পুলিচ ৰেডিঅ’ অৰ্গেনাইজেচনত ৫৫৩জন, ফায়াৰ এণ্ড এমাৰজেন্সী ছাৰ্ভিচত ৩৯জন, হোম গাৰ্ডত ৩০৭জন, জে’লত ৩০১জন, আবকাৰী বিভাগত ২২২জন আৰু ফৰেষ্ট বেটেলিয়নত ২৭২০জন। অসমত আৰক্ষীৰ ছহীদ পৰিয়ালৰ ২৩১জনে পাব নিযুক্তি। স্বাস্থ্য বিভাগত সৰ্বমুঠ নিযুক্তি হ’ব ৫২৮১টা। শিক্ষা বিভাগত মহাবিদ্যালয়ৰ অধ্যাপক আৰু তৃতীয়–চতুৰ্থ শ্ৰেণীৰ ৭০৪গৰাকীয়ে নিযুক্তি পাব। ইয়াৰ ভিতৰত অধ্যাপকৰ সংখ্যা ৪২১ গৰাকী এছিষ্টেণ্ড প্ৰফেচাৰ নিযুক্তি দিয়া হ’ব। মাধ্যমিক শিক্ষকৰ ২৩৩২ পদত নিযুক্তি হ’ব।’’

এই সকলোখিনি হ’লে ৮৮ হাজাৰ নিযুক্তি সম্পূৰ্ণ হ’ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিৰ ক্ষেত্ৰত জুলাই মাহত অতিৰিক্ত তালিকা ওলাব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। এইখিনি হ’লে ৮৯ হাজাৰ নিযুক্তি হ’বগৈ৷ বাকী থাকিব ১১ হাজাৰ নিযুক্তি৷ এক লাখৰ বিপৰীতে আমি এক লাখ ১৫ হাজাৰ নিযুক্তি দিম বুলি মন্তব্য কৰে ড০ শৰ্মাই।

শেহতীয়া বাতৰি